নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ বছৰৰ পৰিৱর্তে টেট প্রমাণ–পত্রৰ ম্যাদ হ’ব জীৱনজোৰা

নিয়মীয়া বাৰ্তা ৪ জুনঃ টিচার্ছ ইলিজিবিলিটী টেষ্ট চমুকৈ, টেট উত্তীর্ণৰ প্রমাণ–পত্রৰ ম্যাদ ৭ বছৰৰ পৰিৱর্তে জীৱনজোৰা কৰা হৈছে৷ কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়াল ‘নিশাংক’ই বৃহস্পতিবাৰে এই ঘোষণা কৰিছে৷ কেন্দ্রীয় শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে টেট উত্তীর্ণৰ প্রমাণ–পত্রৰ ম্যাদ ৭ বছৰৰ সময়সীমাৰ পৰিৱর্তে আজীৱন কৰাৰ সিদ্ধান্ত কেন্দ্রীয় চৰকাৰে গ্রহণ কৰিছে৷

টেট উত্তীর্ণৰ প্রমাণ–পত্রৰ এই ম্যাদ ২০১১ৰ পৰা কার্যকৰী কৰা হৈছে৷ তদুপৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ প্রশাসনে টেট উত্তীর্ণৰ প্রমাণ–পত্র সন্দর্ভত প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব৷ এই ব্যৱস্থা অনুসৰি যিসকলৰ টেট উত্তীর্ণৰ প্রমাণ–পত্রৰ ৭ বছৰ ধৰি পৰি আছে, তেনে উত্তীর্ণৰ ক্ষেত্রত চৰকাৰে নতুন টেট উত্তীর্ণ প্রমাণ–পত্র প্রদান কৰিব বুলিও শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷

শৈক্ষিক ক্ষেত্রত নিজৰ কেৰিয়াৰ গঢ়াৰ বাবে ইচ্ছুক প্রার্থীসকলৰ লগতে সংস্থাপনৰ সুযোগ উজ্জীৱিত কৰাৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে এই ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে বুলিও শিক্ষামন্ত্রীগৰাকীয়ে প্রকাশ কৰিছে৷ উল্লেখ্য যে বিদ্যালয় শিক্ষক হিচাপে নিযুক্তি লাভৰ ক্ষেত্রত টেট উত্তীর্ণ প্রমাণ–পত্র অত্যাৱশ্যকীয় অর্হতা হিচাপে গণ্য কৰা হয়৷ প্রসংগক্রমে উনুকিয়াব পাৰি যে ২০১১ চনৰ ১১ ফেব্রুৱাৰীত নেচনেল কাউন্সিল ফৰ টিচাৰ এডুকেচন (এন চি টি ই এ) ৰাজ্য চৰকাৰসমূহক টেট পৰীক্ষাৰ জৰিয়তে শিক্ষক নিযুক্তিৰ নির্দেশনা জাৰি কৰিছে৷ টেট উত্তীর্ণৰ প্রমাণ–পত্র এগৰাকী প্রার্থীৰ ক্ষেত্রত সাত বছৰ ম্যাদ ৰখা হৈছিল৷

You might also like