নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামান্য উন্নতি ৰাজ্যৰ ক’ভিড পৰিস্থিতিঃ পজিটিভিটীৰ হাৰ ৩.২৬ শতাংশলৈ হ্রাস শনিবাৰে মৃত ৪৪

নিয়মীয়া বাৰ্তা, ৬ জুন: শনিবাৰৰ দিনটোত অসমৰ ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি হৈছে৷ শনিবাৰে ৰাজ্যখনত ১,১৫,৯৬৮গৰাকী লোকৰ নমুনা পৰীক্ষাৰ অন্তত ৩,৭৮১গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ৩.২৬ শতাংশ৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত কাছাৰৰ ৩২২গৰাকী, কামৰূপ মেট্র’ৰ ২৭৬গৰাকী, ডিব্রুগড়ৰ ২৭৩গৰাকী আৰু তিনিচুকীয়াৰ ২৬৭গৰাকী লোক আছে৷

আনহাতে, শনিবাৰৰ দিনটোত ক’ভিডত আক্রান্ত হৈ ৪৪গৰাকী লোক মৃত্যুমুখত পৰে৷ ইয়াৰে নগাঁৱৰ ৬গৰাকী, কামৰূপ মেট্র’ৰ ৫গৰাকী, ডিব্রুগড়ৰ ৪গৰাকী, কার্বি আংলং–শিৱসাগৰ–শোণিতপুৰ তিনিগৰাকীকৈ, বঙাইগাঁও–কাছাৰ–হোজাই দুগৰাকীকৈ, বাক্সা–বৰপেটা–চৰাইদেউ জিলাৰ এগৰাকীকৈ লোকৰ মৃত্যু ঘটে৷

ইপিনে, সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে ৩,০৯৯গৰাকী লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত ৫১,৪০৩গৰাকী সক্রিয় ক’ভিড ৰোগী আছে৷

You might also like