নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইথিঅ’পিয়াত দুর্ভিক্ষৰ গ্রাসত ৩.৫ লাখ লোক

নিয়মীয়া বাৰ্তা, ১২ জুন: ভয়াৱহ দুর্ভিক্ষৰ কবলত পৰিছে আফ্রিকান ৰাষ্ট্র ইথিঅ’পিয়াৰ টিগ্রে অঞ্চল৷ যুদ্ধবিধ্বস্ত টিগ্রেত ৩ লাখ ৫০ হাজাৰ লোক অভাৱনীয় খাদ্য সংকটৰ সন্মুখীন হৈছে৷ ৰাষ্ট্রসংঘৰ মানৱীয় সাহায্য সংস্থাৰ মুৰব্বী মার্ক লোককে সতর্কবাণী কৰিছে যে পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ শীঘ্রে টিগ্রে অঞ্চললৈ পর্যাপ্ত খাদ্য তথা চিকিৎসা সাহায্য প্রেৰণ নকৰিলে দুর্ভিক্ষত তিলতিলকৈ বহু শিশুৱে প্রাণ দিব লাগিব৷

উল্লেখনীয় যে চৰকাৰী বাহিনী আৰু টিগ্রে অঞ্চলৰ প্রাদেশিক চৰকাৰৰ বাহিনীৰ মাজত চলি থকা সংঘর্ষৰ বাবেই কেইবালাখো লোক গৃহহীন হৈছে৷ ২০২০ৰ নৱেম্বৰৰ পৰা চলা যুদ্ধত টিগ্রেত ১৭ লাখ লোক স্থানচ্যুত হৈছে৷ এই লোকসকলৰ গৰিষ্ঠসংখ্যকেই ঘৰ এৰি পলায়ন কৰিছে৷ ৰাষ্ট্রসংঘৰ বিশ্ব খাদ্য আঁচনি (ডব্লিউ ই এফ), খাদ্য আৰু কৃষি সংস্থা (ফাও) তথা ইউনিচেফে তাৎক্ষণিকভাৱে এই সংকটৰ মোকাবিলা কৰিবলৈ আন্তর্জাতিক সম্প্রদায়ক আহ্বান জনাইছে৷

সংবাদ সংস্থা বিবিচিৰ প্রতিবেদন অনুসৰি টিগ্রেৰ প্রতিটো বাসগৃহত এতিয়া কেৱল মৃত্যুৰ আগজাননী শুনিবলৈ পোৱা গৈছে৷ দীর্ঘদিন ধৰি খাদ্য আৰু বিশুদ্ধ খোৱাপানীৰ অভাৱত মুকলি আকাশৰ তলত কটাবলগীয়া হৈছে বহু লোক শিশু আৰু মহিলাই৷ এই শিশু, মহিলা তথা দুর্দশাগ্রস্ত লোকসকলক পুনৰ সংস্থাপিত কৰা হোৱা নাই৷ বা এইক্ষেত্রত কোনোধৰণৰ ব্যৱস্থা গ্রহণৰো সদিচ্ছা প্রকাশ কৰা নাই চৰকাৰে৷ টিগ্রেৰ পৰিস্থিতি নিৰীক্ষণ কৰি আফ্রিকাৰ মানৱ অধিকাৰ কর্মীসকলে বর্তমান অঞ্চলটোত নজিৰবিহীন নাৰকীয় পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি ঘোষণা কৰিছে৷

লক্ষণীয়ভাৱে এই ভয়ংকৰ দুর্যোগৰ সময়তো আন্তর্জাতিক দাতব্য সংস্থাসমূহে প্রয়োজনীয় সাহায্য প্রেৰণ কৰা নাই টিগ্রেলৈ৷

You might also like