নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত গুলীবিদ্ধ দুর্ধর্ষ ডকাইত আবু বক্কৰৰ জিএমচিত মৃত্যু

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ নলবাৰী আৰক্ষী আৰু ডকাইতৰ দলৰ মাজত তুমুল গুলীয়াগুলীত গুলীবিদ্ধ হৈ চিকিৎসাধীন হোৱা দুর্ধর্ষ ডকাইত আবু বক্কৰৰ অৱশেষত বৃহস্পতিবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়৷

উল্লেখ্য যে যোৱা ৩ জুনৰ মাজনিশা নলবাৰী চহৰৰ সমীপৰ মুগকুছিত আৰক্ষী আৰু ডকাইতৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল৷ নলবাৰী সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্রাপাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত যুটীয়া অভিযান চলাই হাজো–নলবাৰী ৰোডৰ মুগকুছি চ’কত আৰক্ষীৰ সৈতে এখন বিলাসী বাহনত অহা এটা ডকাইতৰ দলৰ স’তে মুখামুখি হোৱাৰ পাছত আৰক্ষী আৰু ডকাইতৰ মাজত প্রচণ্ড গুলীয়াগুলী হয়৷ এই গুলীয়াগুলীৰ ঘটনাত কুখ্যাত গৰুচোৰ, ড্রাগ্ছ মাফিয়া, এ টি এম চোৰ, ডকাইত আবু বক্কৰ ছিদ্দিক ওৰফে বক্কৰ, বিজু আহমেদ আৰু ৰুবুল হুছেইনক আৰক্ষীয়ে গুলীবিদ্ধ কৰি কৰায়ত্ত কৰিছিল যদিও আন তিনিজন ডকাইত পলাই যায়৷

উল্লেখ্য যে জিলাখনৰ মুকালমুৱা থানাৰ অন্তর্গত গলদীঘলা গাঁৱৰ কুখ্যাত আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে ৰাজ্যত আছে দহটাতকৈ অধিক গোচৰ৷ অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড আবু বক্কৰ ছিদ্দিকৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন থানাত দহটাৰো অধিক গোচৰ থকাৰ কথা আৰক্ষীৰ প্রাথমিক তদন্তত ধৰা পৰিছে৷ ৰাজ্যৰ ভিন্ন প্রান্তত বিভিন্ন অপৰাধমূলক কার্যকলাপ চলা আবু বক্কৰৰ সমস্ত কু–কীর্তিৰ বিৰুদ্ধে ইতিমধ্যে অসম আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতেই দুর্ধর্ষ ডকাইতটোৰ মৃত্যু ঘটে৷

জানিব পৰা মতে, আবু বক্কৰৰ বিৰুদ্ধে ৰাজ্যখনৰ কাকী আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০ ৪২৭ নম্বৰ ধাৰাৰ অধীনত ৯৬/২০ নম্বৰত এটা গোচৰ চলি আছে৷ জালুকবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/২৭৯/৩৯৩/৫১১ নম্বৰ ধাৰাৰ অধীনত ১১৪৯/২০ নম্বৰত এটা গোচৰ, হাজো থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৯৯/২৭৯/৩০৭/৩৫৩/৪২৭/৩৪ নম্বৰ ধাৰাৰ অধীনত ১৩৪৩/২০ নম্বৰত এটা গোচৰ, ৰঙিয়া থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৬১/৩৮০ নম্বৰ ধাৰাৰ অধীনত ২১১/১৪ নম্বৰত এটা গোচৰ, ডিমৌ থানাত ভাৰতীয় দণ্ডবিধিৰ ৪৫৭/৩৮০ নম্বৰ ধাৰাৰ অধীনত ১৮৭/১৯ নম্বৰত এটা গোচৰ, মুকালমুৱা থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১ নম্বৰ ধাৰাৰ অধীনত ২৯৩/২০ নম্বৰত, ভাৰতীয় দণ্ডবিধিৰ ৩৪২/৩২৫/৩৯২/৩৪ নম্বৰ ধাৰাৰ অধীনত ৩৫১/২০ নম্বৰত, ভাৰতীয় দণ্ডবিধিৰ ২৭৯/৩৫৩/৩২৬/৩২৫ নম্বৰ ধাৰাৰ অধীনত ৩০৭/২০ নম্বৰত, ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৩৪ নম্বৰ ধাৰাৰ অধীনত ৫১১/২০ নম্বৰত, ৩৪১/১৪৭/১৪৯/৩৫৩/৪২৭/৩২৫/৩২৬/৩০৭ নম্বৰ ধাৰাৰ অধীনত ৫২৫/২০ নম্বৰত চাৰিটা গোচৰ চলি আছিল৷

লক্ষণীয়ভাৱে আবু বক্কৰৰ মৃত্যুৰ লগে লগে এই গোচৰসমূহৰ কি হ’ব, সেয়া এতিয়া বিচার্যৰ বিষয় হৈ পৰাৰ লগতে অসম আৰক্ষীৰো মূৰৰ কামোৰণি বন্ধ হৈ পৰিল বুলি চর্চিত হৈছে৷

You might also like