নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেদখলকাৰীক সুৰক্ষা কিয়? দলীয় অৱস্থানক লৈ কংগ্রেছত বিদ্রোহ

নিয়মীয়া বাৰ্তা, ১৩ জুনঃ  বর্তমানৰ ৰাজ্য চৰকাৰখনে বনাঞ্চল, মন্দিৰ–সত্রৰ মাটি বেদখলমুক্ত কৰিবলৈ চলোৱা অভিযানৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ কংগ্রেছে আৰম্ভ কৰা সংখ্যালঘু তোষণে প্রধান বিৰোধী দলটোৰ ভিতৰচ’ৰাত জোকাৰণি সৃষ্টি কৰিছে৷ তৃণমূল কর্মীৰ মতামত অবিহনে দলীয় মঞ্চত কোনোধৰণৰ আলোচনা নকৰাকৈ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতা কৰাৰ বাবেই সদ্যসমাপ্ত বিধানসভা নির্বাচনত কংগ্রেছ দল বিপর্যয়ৰ সন্মুখীন হোৱা বুলি দলটোৰ বিভিন্ন পর্যায়ৰ নেতা সৰৱ হৈ পৰাৰ সময়তেই বেদখলকাৰীৰ উচ্ছেদৰ বিৰোধিতাৰ নামত দলটো সংখ্যালঘু তোষণত লিপ্ত হৈ পৰা কার্যক সহজভাৱে ল’ব পৰা নাই দলটোৰ মূলসুঁতিৰ একাংশ লোকে৷ প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শর্মাই কালি এক বিবৃতিত সর্বভাৰতীয় হাৰৰ তুলনাত অসমত মুছলমানৰ জনবিস্ফোৰণৰ হাৰ নিম্ন বুলি উল্লেখ কৰি পাকে–প্রকাৰে সংখ্যালঘুৰ বেদখলক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰে৷ ইয়াৰ পূর্বে বৰপেটাৰ সাংসদ আব্দুল খালেকেও কেইদিনমান পূর্বে সংখ্যালঘু লোকৰ বিৰুদ্ধে উচ্ছেদৰ বিৰোধিতা কৰে৷ দলৰ জ্যেষ্ঠ নেতা হিৰণ্য বৰাই এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে অসমৰ মাটিত বেদখল হৈছে৷ নাই হোৱা বুলি কোনোবাই ক’লেই নহ’ব৷

ৰাজ্যখনৰ যিবোৰ স্থানত জনসংখ্যা বৃদ্ধি হৈছে, ভোটাৰ বৃদ্ধি হৈছে, তালৈ গৈ প্রকৃত অধ্যয়ন নকৰাকৈ কোনোবাই ৰাজীৱ ভৱনত বহি জনবিস্ফোৰণ হোৱা নাই, বেদখল কৰা নাই বুলি ক’লেই নহ’ব৷ দলৰ একাংশৰ বাস্তৱ অধ্যয়ন নথকা, জনসংযোগ নথকাৰ বাবেই দল আজি বিপর্যয়ৰ সন্মুখীন হৈছে৷ তেনেধৰণৰ বিবৃতিয়ে বেদখলকাৰীক উৎসাহিত কৰিব বুলি উল্লেখ কৰি বৰাই কয়– আমি ব্যক্তিগতভাৱে সদায়ে বেদখলৰ বিৰুদ্ধাচৰণ কৰি আহিছোঁ৷ ভৱিষ্যতেও বেদখলৰ বিৰুদ্ধাচৰণ কৰি যাম৷ আমি বেদখলকাৰীক উৎসাহিত কৰাৰ পক্ষত নাই৷ বৰক্ষেত্রী, জনিয়া আদি সমষ্টিত জনবিস্ফোৰণ কেনেকৈ বাঢ়িছে, নামনি অসমত কেনেদৰে জনবিস্ফোৰণ ঘটিছে, সেয়া বাস্তৱসন্মত অধ্যয়ন কৰিব লাগিব৷ নগাঁও, বৰপেটা, ধুবুৰীৰ পৰা অহা বুলি কোৱা মানুহসকল প্রকৃততে ক’ৰ, সেয়া ভালদৰে মিলাই চাব লাগিব৷ বকো, মঙলদৈ সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হৈ আছে বাবেই নন্দিতা দাস, বসন্ত দাস আদি নির্বাচিত হৈ আহিব পাৰিছে৷ সেয়ে তেওঁ বেদখল, জনবিস্ফোৰণ আদি নীতিগত বিষয়ত দলীয় মঞ্চত প্রথমতে আলোচনা কৰিহে ৰাজহুৱাভাৱে মন্তব্য কৰাৰ পোষকতা কৰে৷

ইপিনে, প্রদেশ কংগ্রেছৰ সভাপতি সলনিৰ প্রসংগত বৰাই কয় যে প্রথমতে দল ঐক্যবদ্ধ হ’ব লাগিব৷ ইমানদিনে দলৰ যুদ্ধ নিজৰ ভিতৰতে চলি আছে৷ ইজন নেতাই সিজনৰ বিৰুদ্ধে যুদ্ধ কৰাত ব্যস্ত আছে৷ প্রকৃততে আটায়ে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধেহে গ’ল দিব লাগিছিল৷ দলৰ সকলোৱে নিজৰ ভিতৰতে যুদ্ধ কৰি থাকিলে অকল সভাপতিয়ে কি কৰিব? সভাপতি সলনি হ’লেও একো লাভ নহ’ব৷ বর্তমানৰ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ কার্যকাল শেষ হ’বলৈ এতিয়াও যিহেতু ছমাহ আছে, সেয়ে এই সময়ছোৱাৰ বাবে নতুন সভাপতি দিয়াতকৈ বর্তমানৰ সভাপতিৰ নেতৃত্বতে দলৰ কাম–কাজ চলাই যোৱাৰ তেওঁ পোষকতা কৰে৷ তেওঁৰ মতে এই মুহূর্তত ৰিপুণ বৰাকেই সভাপতি পদত ৰাখি প্রদেশ কংগ্রেছৰ বিষয়ববীয়াৰ সালসলনি ঘটাই দলটো আগুৱাই নিয়া উচিত৷ দলৰ সাংগঠনিক নির্বাচন যেতিয়া আহিব, তেতিয়া নতুন সভাপতি নির্বাচন কৰক৷

You might also like