নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাপ্তি মানেই সফলতানে?

-ড০ চিন্তামণি শর্মা

আজিৰ দিনত সফলতা কি বুলি সুধিলে হয়তো বেছিভাগেই উমৈহতীয়া উত্তৰ দিব– ‘অজস্র টকা, প্রাসাদোপম অট্টালিকা আৰু দামী গাডীৰ গৰাকী৷’ বিফলতাৰ বিপৰীত অর্থ জোৱা শব্দই হ’ল সফলতা৷ সফলতাৰ সঠিক সংজ্ঞা দিয়া সহজ কাম নহয়৷ কোনোবাই আকাংক্ষা অনুসৰি নির্ধাৰিত পৰিধি অতিক্রম কৰিলে সেই অৱস্থাকে তেওঁৰ সফলতা লি ক’ব পাৰি৷ একে পদমর্যাদা আৰু সমান বেতন উপভোগ কৰা দুজন ক্তি সমানে সফল বুলি ক’লে নিশ্চয় শুদ্ধ নহ’ব৷ অলপতে ধুবুৰীৰ পৰা নগাঁৱলৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্র দলি হৈ যোগদান কৰিছে৷ তেওঁৰ দৰে কেইবাজনকো বিভিন্ন জিলালৈ বদলি কৰা কথাই কিন্তু বিশেষ চর্চা লাভ কৰা নাই যিমান আনন্দ মিশ্রৰ ক্ষেত্রত দেখা পোৱা গৈছে৷ সামাজিক মাধ্যম, টিভি চেনেল, নিউজ পর্টেল আৰু কাকতে–পত্রই আনন্দ মিশ্রৰ ভাল গুণৰ ব্যাপক প্রচাৰ কৰা হৈছে৷ ধুবুৰী এৰাৰ সময়ত অগণন লোকৰ কান্দোনে এটা কথা নিশ্চিতভাৱে প্রমাণ কৰে যে আনন্দ মিশ্র সচাঁ অর্থত এগৰাকী সৎ আৰু সাহসী বিষয়া৷ ধুবুৰীৰ পৰা ড্রাগছ আৰু অসামাজিক কামত জডিত লোকৰ দপদপনি মষিমূৰ কৰাৰ লগতে ৰাইজৰ মাজত সোমাই আস্থা টলিবলৈ সক্ষম হৈছে৷ ৰাইজৰ কল্যাণৰ াবে সঠিকভাৱে কাম কৰিছে৷ পুলিচ আৰু সাধাৰণ ৰাইজৰ মাজৰ ৱধান হ্রাস কৰিছে৷ সেয়ে তেওঁৰ প্রতি মানুহৰ ইমান মৰম আৰু আত্মীয়তা৷ একে সময়তে দলি হোৱা আন পুলিচ বিষয়াৰ ক্ষেত্রত ৰাইজৰ ইমান মৰম া আত্মীয়তা কিন্তু পৰিলক্ষিত হোৱা নাই৷ গতিকে আপেক্ষিকভাৱে আন আৰক্ষী অধীক্ষকতকৈ আনন্দ মিশ্র ৰাইজৰ মাজত নিজৰ উজ্জ্বল ছবি দাঙি ধৰাত বেছি সফল বুলি ক’লে নিশ্চয় ভুল নহ’ব৷ সফলতা বুজাবলৈ আমি শিক্ষাবিদ এগৰাকীৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ৷ অসমৰ উচ্চ শিক্ষানুষ্ঠানৰ ভিতৰত জাগীৰোড কলেজো অন্যতম৷ মহেন্দ্র আহোমে এই মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰিছিল৷ অতি কষ্ট স্বীকাৰ কৰি এক আটকধুনীয়া আৰু সন্তোষজনক আন্তঃগাঁথনিযুক্ত কলেজলৈ উন্নীত কৰিবলৈ সক্ষম হৈছিল৷ সুদীর্ঘ আঢ়ৈ দশক জাগীৰোড কলেজত অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰাৰ পিছত তেওঁ ১৯৯৭ চনত অসমৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নগাঁও কলেজৰ অধ্যক্ষ হিচাপে বদলি হৈ আহিছিল৷ জাগীৰোড এৰি অহা সময়ত জাগীৰোড্বাসী ৰাইজে অতি আৱেগিকভাৱে তেওঁক বিদায় দিছিল৷ কান্দোনত ভাগি পৰিছিল৷ নগাঁও কলেজত যোগদান কৰিয়েই শৈক্ষিক উত্তৰণৰ বাবে অধ্যক্ষ মহেন্দ্র আহোমে লোৱা যোগাত্মক ব্যৱস্থাই সকলোকে আচৰিত কৰিছিল৷ প্রশাসনিক নিয়মানুৱর্তিতা আৰু ছাত্র–ছাত্রীৰ নিয়মীয়া উপস্থিতি আৰু অনুশাসনত গুৰুত্ব আৰোপ কৰি চমক সৃষ্টি কৰিছিল৷ মাত্র পাঁচ ছৰ নগাঁও কলেজৰ অধ্যক্ষ হিচাপে কার্যনির্বাহ কৰি তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে ২০০২ চনত যোগদান কৰিছিল৷ নগাঁও কলেজৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়লৈ যোৱা সময়ত অগণন ছাত্র–ছাত্রী আৰু ৰাইজে আৱেগবিহ্বল হৈ বিদায় দিছিল৷ এগৰাকী শিক্ষািবদৰ জীৱনত ইয়াতকৈ ডাঙৰ সফলতা কিবা হ’ব পাৰেনে? আনন্দ মিশ্রৰ দৰে নিজ কর্মক্ষেত্রত মহেন্দ্র আহোম এগৰাকী সফল ব্যক্তি৷ কোনোবা ব্যক্তিয়ে ভ্বা সফলতা হয়তো আন এজনৰ াবে বিফলতাও হ’ব পাৰে৷ মেড্রিক পৰীক্ষাত কোনোবা ছাত্রই ৯৫ শতাংশ নম্বৰ পাম াবে আশা কৰি থাকোঁতেই যদি প্রাপ্তাংক ৮০ শতাংশ হয়, তেনেহ’লে সেইটো তেওঁৰ াবে বিফলতা৷ আনহাতে যেনে তেনে পাছ কৰিব বিচৰা ছাত্রৰ াবে ৮০ শতাংশ নম্বৰ লাভ কৰাটো এক হৎ সফলতা৷ গতিকে সফলতাৰ ধাৰণা হ’ল আপেক্ষিক৷ অজস্র টকা–পইচা উপার্জন কৰি বিলাসিতাপূর্ণ জীৱন অত্বিাহিত কৰিব পৰাকে সফলতা বুলি ক’ব নোৱাৰি৷ উচ্চ শিক্ষাৰে শিক্ষিত হৈ বিদেশত মোটা অংকৰ দর্মহাৰ চাকৰি কৰা ব্যক্তি এজন আপাতদৃষ্টিত সফল হ’লেও দেশ া বিদেশৰ বিখ্যাত শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰে শিক্ষিত হৈ বিদেশতে লোভনীয় পদবী আৰু লোভনীয় দর্মহাৰ চাকৰি পোৱা যোগ্যতা আৰু দক্ষতা থকাৰ পিছতো স্বদেশলৈ উভতি আহি সমাজৰ উন্নয়নৰ াবে কাম কৰিলে পোনছাটেই তেওঁক বিফল বুলি কোৱা মানসিকতাৰ হুত মানুহ ওলাব৷ কেতিয়াবা জীবন বাটত পোৱা তিতা অনুভৱৰ পৰা শিক্ষা লৈ আন ব্যক্তিও যাতে তেনে তিক্ত অনুভৱৰ সন্মুখীন নহয়, সেই দিশৰ ওপৰত গুৰুত্ব দি উপযুক্ত পদক্ষেপ লৈ আগ্বাঢ়িব পাৰিলেও সফলতাৰ বাট মুকলি হ’ব পাৰে৷ আমাৰ এই লেখাত তেনে এগৰাকী ব্যক্তিৰ সফলতাৰ কাহিনী উল্লেখ কৰিব বিচৰা হৈছে৷
ক্তিগৰাকীৰ নাম ফণীন্দ্র সমা৷ বিৰলা ইনষ্টিটিউট অৱ টেকন’লজী এণ্ড ছায়েঞ্চ BITS), পিলানীৰ পৰা ইঞ্জিনীয়াৰিঙত ডিগ্রী, ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চ IISc), বাংগালোৰৰ পৰা স্নাতকোত্তৰ ডিগ্রী, ষ্টেনফর্ড বিশ্ববিদ্যালয়ত অর্থশাস্ত্র, সামাজিক মনোবিজ্ঞান বিষয়ত অধ্যয়ন, ছুইডেনস্থিত শিক্ষানুষ্ঠানৰ পৰা পৰিচালনা, অধিনায়কত্ব আৰু হনক্ষম ৱসায়িক কার্যপদ্ধতিৰ ওপৰত গভীৰ অধ্যয়ন কৰা আৰু কিংছ কলেজ, লণ্ডনৰ পৰাChevening Standard Chartered Financial Services ফেল’ছিপ লাভ কৰা ফণীন্দ্র সমা সচাঁ অর্থত এগৰাকী সফল ক্তি৷ তেওঁ নিজ দেশতে থাকি জীৱন যাপনৰ সপোন দেখিলে৷ ২০০৫ চনৰ কথা৷ দীপাৱলীৰ ছুটীত াংগালোৰৰ পৰা নিজ গৃহ হায়দৰাবাদলৈ যাব লগা ফনীন্দ্র সমাই ভিৰৰ াবে বাছৰ টিকেট পোৱাৰ পৰা ঞ্চিত হৈছিল৷ হুতো চেষ্টা কৰিছিল, কেইবাজনো াছ এজেণ্টৰ কাষ চাপিছিল টিকেটৰ াবে, কিন্তু দীপাৱলীৰ দৰে উৎসৱতো নিজ ঘৰলৈ যোৱাৰ পৰা ঞ্চিত হ’ব লগা হৈছিল াছ টিকেট নোপোৱাৰ াবে৷ এই ঘটনাৰ পিছত ফণীন্দ্রই বাছ এজেণ্টৰ লগত কথা পাতি উপলব্ধি কৰিছিল যে যাত্রীসকল সকলো এজেণ্টৰ সম্পর্কত আহিব পৰা সম্ভৱ নহয়৷ যাত্রাৰ সময়ত হুতো দুর্ভোগ ভুগিব লগা হয়৷ টিকেট নোপোৱাত ফণীন্দ্রই এনে এক প্লেটফর্ম উদ্ভাৱন কৰাৰ আঁচনি যুগুত কৰিবলৈ মন মেলিলে, যাৰ সহায়ত একে ঠাইতে সকলো এজেণ্টৰ জাননী পাব পাৰি আৰু যাত্রীয়ে ভাৰাৰ তুলনা কৰি নিজেই টিকেট ক কৰিব পাৰে৷ আন দুজন বন্ধু চৰণ পদ্মৰাজু আৰু সুধাকৰ পাসুপুনুৰিক লগত লৈ ৰেড াছ ডট ইন নামেৰে প্রতিষ্ঠানৰ জন্ম দি অনলাইন বাছ টিকেট সংৰক্ষণৰ ৱস্থাে আৰম্ভ কৰিলে৷ ন্ধু দুজনৰ সৈতে লগ লাগি গঢ় দিয়া নিজ সংস্থাৰ মুখ্য কার্যবাহী বিষয়া ৰূপে আঠ ছৰ কার্যনির্বাহ কৰিলে৷ ২০১৩ চনত ৭০০ কোটি টকাতIbibo গোটক ৰেড াছৰ স্বত্বাধিকাৰ হস্তান্তৰ কৰিলে ফণীন্দ্র সমা আৰু তেওঁৰ সহযোগী সতীর্থ দুজনে৷ সাধাৰণ অৱস্থাৰ পৰা ৭০০ কোটিৰ সাম্রাজ্য নির্মাণ কৰিবলৈ সক্ষম হোৱা ফণীন্দ্র এক সফল উদ্যমী৷ ‘বিজনেছ ষ্টেণ্ডার্ড’ ই–কাকতৰ মতে তেওঁ এতিয়া ৫৯০–৬৫০ কোটি টকা সম্পত্তিৰ অধিকাৰী৷ ৰেড াছ আজিৰ দিনত এক হত্তম অনলাইন টিকেট বুকিং কোম্পানী, যাৰ অধীনত দহ হাজাৰতকৈও অধিক বাছ আৰু সাত হাজাৰতকৈও অধিক বাছ অপাৰেটৰ আছে৷ ৰেড াছ টিকেট কিং এপ ব্যৱহাৰ কৰি ভ’ল্ভ’, স্লীপিং বা আন যিকোনো প্রকাৰৰ াছ সেৱাৰ সুবিধা লব পাৰোঁ৷ ভাৰতৰ উপৰি সিংগাপুৰ, মালয়েছিয়া, কলম্বিয়া, ইণ্ডোনেছিয়া আৰু পেৰুত ৰেড াছ এপ ৱহাৰ কৰি টিকেট কিং কৰিব পৰা ব্যৱস্থা আছে৷ এক অভূতর্পূব সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা ফণীন্দ্র এতিয়া তেলেংগানা চৰকাৰৰ মুখ্য উদ্ভাৱন বিষয়া৷ সফলতাৰ মুখ নিজেই দেখিছে আৰু তেওঁৰ উদ্যমিতাৰ ধাৰণাৰ পৰা হুতো লোক লাভান্বিত হৈছে৷ গতিকে কেতিয়াবা হঠাৎ জীৱন পথত উজুটি খাই তাৰ পৰা শিক্ষালৈ সৎ প্রচেষ্টা আৰু দীর্ঘম্যাদী আঁচনি প্রস্তুত কৰি নিজৰ লগতে আনকো সফলতাৰ াট যে দেখুৱাব পাৰি তাৰ চাক্ষুষ উদাহৰণ হ’ল ফণীন্দ্র সমা৷ তেওঁ বিভিন্ন ক্ষেত্রত লাভ কৰা উচ্চ শিক্ষা আৰু দক্ষতাৰ লত নিশ্চয় াহিৰতো লোভনীয় চাকৰি পালেহেঁতেন, কিন্তু তেনে কথা চিন্তা নকৰি উদ্যমিতাক আঁকোৱালি নিজ দেশতে থাকি যি সফলতা লাভ কৰিছে সেয়া আনৰ াবে অনুকৰণীয়৷

লেখক বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ,
ফোন ঃ ৭০০২৫–৬১৬১৩

You might also like