গুৰুজনাৰ জন্মস্থান বটদ্রৱা সত্রৰ ভূমি দখল কৰি গাঁও পাতিছে সন্দেহযুক্ত নাগৰিকে
নিয়মীয়া বাৰ্তা, ১৬ জুনঃ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পৱিত্র জন্মভূমি বৰদোৱাৰ শ্রীশ্রী বটদ্রৱা থানৰ চৌপাশৰ বৃহৎ পৰিমাণৰ ভূমি বেদখলৰ কবলত আছে৷ ইতিমধ্যে থানখনৰ বেদখলীকৃত প্রায় ১৬০ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে যদিও এতিয়াও থানখন চৌহদৰ আশে–পাশে থকা এক বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত আছে৷ সর্বানন্দ সোণোৱাল চৰকাৰৰ প্রথমটো কার্যকালত গুৰুজনাৰ স্মৃতি বিজডিত থানখনৰ ১৬০ বিঘা ভূমি বেদখল মুক্ত কৰিলেও এতিয়াও বেদখলকাৰীৰ কবলত থকা ইতিহাস প্রসিদ্ধ বটদ্রৱা থানৰ চৌদিশৰ আন এক বৃহৎ পৰিমাণৰ ভূমি বেদখলকাৰীৰ কবলত থকাটো এক গুৰুত্বপূর্ণ বিষয় হিচাপে বিবেচিত হৈছে৷
উল্লেখ্য যে গুৰুজনাৰ পৱিত্র জন্মভূমি বৰদোৱাৰ শ্রীশ্রী বটদ্রৱা থানক অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক পর্যটনৰ অন্যতম কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে প্রায় ১৬৫ বিঘা ভূমিক সাঙুৰি ১৬৫ কোটি টকাৰ ব্যয়ৰে ‘বটদ্রৱা প্রকল্প’ৰ কাম যোৱা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা ২৫ ফেব্রুৱাৰীত শুভাৰম্ভ কৰাৰ পাছত মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ লোৱাৰ পাছত ড০ হিমন্ত বিশ্ব শর্মাই বিগত মাহত বটদ্রৱাত উপস্থিত হৈ ঘোষণা কৰিছিল যে, ‘বটদ্রৱা প্রকল্পই অসমীয়া জাতিৰ স্বাভিমানৰ প্রতীক স্বৰূপ হ’ব লাগিব৷ প্রকৃতার্থত বটদ্রৱা প্রকল্প হ’ব অঞ্চলটোৰ ভৱিষ্যৎ দর্শনৰ ৰূপৰেখা৷’ তদুপৰি পৰহি কেবিনেট বৈঠকত ‘বটদ্রৱা প্রকল্প’ৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ৩৫ বিঘা ভূমি আবমটনৰ সিদ্ধান্ত গ্রহণ কৰে৷
তাৎপর্যপূর্ণভাৱে, শ্রীশ্রী বটদ্রৱা থানক আধ্যাত্মিক আৰু পর্যটন কেন্দ্র হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে অতিৰিক্ত ভূমি আবণ্টন দিয়াৰ বিপৰীতে থানখনৰ গাতে লাগি থকা বেদখলীকৃত চৰকাৰী বৃহৎ ভূমিখিনি বেদখলমুক্ত কৰাৰ বাবে এই পর্যন্ত কোনো যথোচিত ব্যৱস্থা গ্রহণ কৰা নাই৷সত্রকে আদি কৰি সকলো ধর্মীয় অনুষ্ঠানৰ ভূমি বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্রী হিচাপে দ্বায়িত্ব গ্রহণ কৰাৰ পাছতে কঠোৰ ভূমিকা গ্রহণ কৰা ড০ হিমন্ত বিশ্ব শর্মাই বটদ্রৱা থানৰ চৌদিশে থকা এই বৃহৎ চৰকাৰী বেদখলকৃত ভূমি সন্দর্ভত কি ভূমিকা গ্রহণ কৰে সেইটো স্বাভাৱিকতে লক্ষণীয় বিষয় হৈ পৰিছে৷ তদুপৰি শ্রীশ্রী বটদ্রৱা থান পৰিচালনা সমিতিয়েও দীর্ঘদিন ধৰি বিষয়টোৰ ওপৰত মৌনতা অৱলম্বন কৰি আহিছে৷ এনে প্রেক্ষাপটত অসমৰ বৃহৎ ধর্মীয় অনুষ্ঠান বটদ্রৱা থানৰ চৌদিশৰ ভূমিত এই বেদখলকাৰীয়ে দৃষ্টিকটুভাৱে বেদখল অৱ্যাহত ৰাখিছে৷
লক্ষণীয় যে বটদ্রৱা থানৰ নামত প্রায় ৩০০ বিঘা মাটি আবণ্টন হৈ আছে যদিও ইয়াৰ আশে–পাশে থকা এক বৃহৎ ভূমি বেদখলকাৰীৰ কবলত আছে৷ বিশেষকৈ হাইডুবি পথাৰৰ ৩৪৬ নং দাগৰ প্রায় ৮০ বিঘা মাটি,বটদ্রৱা বৰহিছা সত্রৰ ১২৩ নং দাগৰ ১২৩ বিঘা মাটি, কৃষি বীজ পামৰ ৩৪৬নং দাগৰ ১৫০ বিঘা মাটি, শান্তিজান বজাৰৰ প্রায় ৫ বিঘা মাটি আৰু ভোমোৰাগুৰি কিচামৰ ৭৩৩ নং দাগৰ ১০৪ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে৷
আনকি এই বেদখলীকৃত ভূমিত বেদখলকাৰীয়ে চৰকাৰী আঁচনিৰ সকলো সা–সুবিধা লাভ কৰাৰ লগতে বিদ্যুৎ সংযোগো লাভ কৰিছে৷ একাংশই কৃষিভূমি আৰু আন একাংশই বৃহৎ বৃহৎ পুখুৰী খান্দি মৎস্য পালন কৰি ব্যক্তিগত লাভালাভ আদায় কৰি আহিছে৷ ঠিক একেদৰে, হাইডুবি পথাৰ আৰু বটদ্রৱা বৰহিছা সত্রৰ দুশ বিঘাৰো অধিক ভূমিত বেদখলকাৰীয়ে অধিকাৰ কৰি অহাৰ লগতে কৃষি বীজ পাম আৰু হাইডুবি কিচামৰ ভেটিয়নী গাঁৱৰ পিছফালে জমাইবস্তিত পকী ঘৰ–দুৱাৰ সাজি শতাধিক লোকে প্রায় আঢ়ৈশ বিঘা মাটি বেদখল অব্যাহত ৰাখিছে৷ একেদৰে শান্তিজান বজাৰৰ প্রায় পাঁচ বিঘা মাটি পুখুৰী খান্দি দখল কৰি আহিছে বেদখলকাৰীয়ে৷
দীর্ঘদিন ধৰি বটদ্রৱা থানৰ এই ভূমি প্রশাসনে বেদখল মুক্ত কৰাৰ চেষ্টা চলাই আহিছে যদিও কি কাৰণে সফল হ’ব পৰা নাই সেইটো এতিয়া লাখটকীয়া প্রশ্ন হৈ পৰিছে৷