নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায় জীৱন! ক’ত পাওঁ এটুপি খোৱাপানী…

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ নগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকর্মণ্যতাৰ বাবেই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তর্গত বামুণী শুকানজুৰি অঞ্চলৰ ৰাইজে৷ বিশুদ্ধ খোৱাপানীৰ কথাটো বাদেই দুর্ভগীয়া অঞ্চলবাসীয়ে আনকি গাধোৱা, কাপোৰ ধোৱা, বাচন–বর্তন ধোৱা আদি কামৰ বাবেও প্রয়োজনীয় পানী কণৰ বাবেও বাট কুৰি বাই যাব লাগে বহু দূৰলৈ৷

ৰাইজে এটুপি পানী আনিবলৈ বাট কুৰি বাই যাবলগীয়া হৈছে প্রায় ডেৰ–দুই কিলোমিটাৰ পর্যন্ত৷ প্রতিদিনে পুৱা আৰু বিয়লি অঞ্চলটোৰ পুৰুষ–মহিলাসকলে কান্ধত, মূৰত অথবা ঠেলাগাডী চাইকেলেৰে লোটা, কলহ, প্লাষ্টিকৰ ড্রাম, টিং, ডেস্কি আদি কঢ়িয়াই লৈ যায় ডেৰ–দুই কিলোমিটাৰ নিলগত শুকানজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা গেলা কুঁৱা আৰু জুৰিলৈ৷ তদুপৰি আন একাংশ লোকে লোটা, কলহ, ড্রাম আদি লৈ নিলগৰ জুৰিৰ পৰা নিত্য–ব্যৱহার্য পানীখিনি সংগ্রহ কৰিবলগীয়া হৈছে৷ একাংশ লোকে ঘৰৰ চৌহদতে খান্দি লোৱা কেঁচা কুঁৱাৰ দূষিত পানীকে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে৷

অৱশ্যে অঞ্চলটোত আহোমগাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি নামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি আছে যদিও প্রয়োজনীয় তত্ত্বাৱধান আৰু মেৰামতিৰ অভাৱত এই আঁচনিখনো বহু দিন ধৰি বিকল হৈ আছে৷ স্থানীয় ৰাইজৰ বহু আবেদন–নিবেদনৰ পিছতো নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে আজিকোপতি পানী যোগান আঁচনিখন মেৰামতি কৰাৰ ক্ষেত্রত কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷ ফলত উপায়বিহীন হৈ অঞ্চলটোৰ প্রায় তিনি শতাধিক লোকে এটুপি বিশুদ্ধ পানীৰ অভাৱত কদর্য পৰিৱেশত শুকানজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা কুঁৱাৰ লগতে জুৰিৰ দূষিত পানী সেৱন কৰি থাকিব লগা হৈছে৷ তদুপৰি এই দূষিত পানীকে আন কামতো ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ গেলা কুঁৱা, জুৰিৰ দূষিত পানীকে সেৱন কৰি থকা হেতুকে অঞ্চলটোৰ বহু লোক বিভিন্ন ৰোগত আক্রান্ত হ’বলগীয়া হৈছে৷

উল্লেখ্য যে নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তর্গত বালিজুৰি আৰু বামুণী দুখনকৈ গাঁও পঞ্চায়তৰ অন্তর্গত বামুণী শুকানজুৰি অঞ্চলবাসীয়ে অঞ্চলটোৰ বিশুদ্ধ খোৱাপানীৰ সমস্যাটোৰ বিষয়ে সমষ্টিটোৰ তেতিয়াৰ বিধায়ক প্রফুল্ল কুমাৰ মহন্তক বহুবাৰ অৱগত কৰি অনুনয়–বিনুনয় কৰিছিল যদিও কোনো সুফল নাপালে বুলি স্থানীয় ৰাইজে জনাইছে৷ স্মর্তব্য যে এক অকর্মণ্য বিভাগত পৰিণত হোৱা নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ অকর্মণ্যতাৰ বাবেই জিলাখনৰ কীঠয়াতলী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, কন্দলী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, নিবুকালি বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পূব আমৰাকান্দা বিশুদ্ধ খোৱাপানী যোগান আঁচনি, গডাজান বিশুদ্ধ খোৱাপানী যোগান আঁচনি, বৰপেটা বিশুদ্ধ খোৱাপানী যোগান আঁচনি, গেৰুৱাটী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, মাহেৰীপাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, কছাৰী গাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পশ্চিম ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পশ্চিম ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, উত্তৰ ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, উত্তৰ খাটোৱাল বিশুদ্ধ খোৱাপানী যোগান আঁচনি, দক্ষিণ খাটোৱাল বিশুদ্ধ খোৱাপানী যোগান আঁচনি, তিনিচুকীয়া বিশুদ্ধ খোৱাপানী যোগান আঁচনি, কাৱৈমাৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, আউনিআটী সত্র বৰবাৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, বামুণী শুকানজুৰি বিশুদ্ধ খোৱাপানী যোগান আঁচনি, জামুগুৰি বিশুদ্ধ খোৱাপানী যোগান আঁচনি, ভেকুলী গৰুবাট বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পূব শালমৰা বিশুদ্ধ খোৱাপানী যোগান আঁচনি প্রমুখ্যে জিলাখনৰ বিভিন্ন অঞ্চলৰ শতাধিক বিশুদ্ধ পানীযোগান আঁচনি সুদীর্ঘ দিন ধৰি বিকল হৈ আছে৷ যাৰ ফলত সংশ্লিষ্ট অঞ্চলৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও চৰম দুর্ভোগ ভুগিব লগা হৈছে৷

You might also like