নার্ছাৰীত ট্রেন্সফর্মাৰত অগ্ণিকাণ্ড
নিয়মীয়া বাৰ্তা ১৭ জুনঃ মহানগৰীৰ আৰ জি বৰুৱা ৰোডৰ নার্ছাৰীত বুধবাৰে এটা বৈদ্যুতিক ট্রেন্সফর্মাৰত শ্বর্ট চার্কিট হৈ ভয়ংকৰ অগ্ণিকাণ্ড সংঘটিত হয়৷ প্রত্যক্ষদর্শীৰ ভাষ্য অনুসৰি বুধবাৰে দিনৰ প্রায় ১.৩০ বজাত আৰ জি বৰুৱা ৰোডৰ নার্ছাৰীত পথৰ দাঁতিত থকা এটা ট্রেন্সফর্মাৰত প্রচণ্ড শব্দ হৈ জুইৰ সূত্রপাত ঘটে৷ নিমিষতে ক’লা ধোঁৱাই সমগ্র অঞ্চলটো ছানি ধৰাত হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত স্থানীয় লোকে দৈনিক ‘জনমভূমি কাকত’ৰ কার্যালয়ৰ সাংবাদিক–সংবাদকর্ সহযোগত জুই নুমাবলৈ সক্ষম হয়৷
অগ্ণিকাণ্ড সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীক খবৰ দিয়াত দিছপুৰ অগ্ণিনির্বাপক বাহিনীৰ লোক পানীৰ গাড়ী লৈ ঘটনাস্থলীত উপস্থিত হয়৷ অৱশ্যে অগ্ণিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱা বুলি স্থানীয় লোকে অভিযোগ কৰে৷ এই অগ্ণিকাণ্ডৰ ফলত সন্ধিয়া প্রায় সাত বজালৈ অঞ্চলটোৰ বহু কার্যালয়ৰ কাম–কাজ বন্ধ হৈ পৰে৷ অৱশ্যে পৰৱর্তী সময়ত এ পি ডি চি এলৰ কর্মচাৰীৰ তৎপৰতাত বিদ্যুৎ সংযোগ দিয়া বুলি স্থানীয় লোকে জানিবলৈ দিছে৷