নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিআৰপিৰ কনিষ্টবলৰ একাউণ্টেৰে ২৫ লাখ লেনদেনৰ তথ্য

চোৰাং সোণ সৰবৰাহঃ পাঁচ দিনৰ জিম্মাত বদ্রীপ্রসাদ

নিয়মীয়া বাৰ্তা ১৯ জুনঃ চোৰাং সোণ সৰবৰাহৰ অভিযোগত মহানগৰ আৰক্ষীৰ জালত পৰা জি আৰ পিৰ উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতী আৰু নগাঁৱৰ এখন জুৱেলাৰীৰ স্বত্বাধিকাৰীৰ পুত্র ৰাম অৱতাৰক শুকুৰবাৰে আদালতে পুনৰ পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত দিয়ে৷ ভৰলুমুখ আৰক্ষীৰ জেৰাত বহু বিতর্কিত উপ–পৰিদর্শক বদ্রীপ্রসাদে কেনেদৰে চোৰাং সোণৰ বেহা চলাই আহিছিল, সেই সন্দর্ভত মুখ খুলিছে৷ আৰক্ষীৰ এক শীর্ষ সূত্রই সদৰী কৰা তথ্য অনুসৰি, বদ্রীপ্রসাদৰ ফোনকলৰ চি ডি আৰৰ ভিত্তিত পোহৰলৈ আহিছে চোৰাং সোণ বিক্রী আৰু ধন লেনদেনৰ বহু বিস্ফোৰক তথ্য৷

বদ্রীপ্রসাদৰ ঘনিষ্ঠ কেইবাগৰাকীও জি আৰ পিৰ কনিষ্টবলৰ বেংক একাউণ্টৰ জৰিয়তে ২৫ লাখৰ অধিক টকাৰ লেনদেন কৰিছিল৷ বদ্রীপ্রসাদৰ স্বীকাৰোক্তিৰ ভিত্তিত ভৰলুমুখ আৰক্ষীয়ে কামেশ্বৰ ৰাভা নামৰ এগৰাকী কনিষ্টবলৰ শুকুৰবাৰে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ফৌজদাৰী বিধি ১৬৪ৰ অধীনত জবানবন্দী গ্রহণ কৰে৷ ইফালে, আদালতে মহানগৰ আৰক্ষীৰ তদন্তক প্রশংসা কৰে৷ লক্ষণীয় যে বিতর্কিত উপ–পৰিদর্শক বদ্রীপ্রসাদ বাৰুৱতীয়ে চোৰাং সোণ বিক্রীৰ ধনৰ ভাগ আৰক্ষীৰ একাংশ উচ্চপদস্থ বিষয়াকো দিয়া বুলি আৰক্ষীৰ ভিতৰচ’ৰাত ব্যাপক চর্চা চলিছে৷ মহানগৰ আৰক্ষীৰ তদন্তত এই চোৰাং সোণ সৰবৰাহৰ লগত জড়িত জি আৰ পিৰ কেইবাগৰাকীও কনিষ্টবল জালত পৰাৰ সম্ভাৱনা আছে৷

You might also like