নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রট’কল নামানিলে ৰাজ্যত ক’ৰোনাৰ তৃতীয় ঢৌৰ আশংকা

নিয়মীয়া বাৰ্তা, ২২ জুনঃ  ক’ভিড নীতি–নিয়মসমূহ অনুকৰণ নকৰিলে দ্বিতীয় ঢৌৰ দৰে ক’ৰোনাৰ তৃতীয় ঢৌ ৰাজ্যত প্রাদুর্ভাৱ ঘটাৰ আশংকা ব্যক্ত কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সোমবাৰে ধেমাজি জিলা উপায়ুক্তৰ সভাকক্ষত এখন সংবাদ মেল সম্বোধন কৰি এই আশংকা ব্যক্ত কৰি তেওঁ কয়– ক’ৰোনাৰ প্রথম ঢৌৰ পাছত নীতি–নিয়মসমূহ অনুকৰণ নকৰাৰ বাবেই দ্বিতীয় ঢৌ আহিল ৰাজ্যখনত৷ দ্বিতীয় ঢৌ লাহে লাহে শেষ হোৱাৰ পাছত পৰিৱেশ কিছু স্বাভাৱিক হোৱাৰ পাছতেই পুনৰ নীতি–নিয়মসমূহ অনুকৰণ কৰা বাদ দিলে কাৰোবাৰ পৰা ই সংক্রমণ বিয়পিব পাৰে৷

কিয়নো পৰিৱেশ স্বাভাৱিক হ’লে অফিচ–কাছাৰী স্বাভাৱিক হ’ব৷ ফলত কোনো এজনৰ পৰাই সংক্রমণ হোৱাৰ সম্ভাৱনা অধিক৷ অৱশ্যে যিসকলে ভেকচিন লৈছে, তেওঁলোক আক্রান্ত নহ’ব৷ কিন্তু ১৮ বছৰৰ তলৰসকল ক’ৰোনাত আক্রান্ত হ’ব৷

অৱশ্যে এইক্ষেত্রত এটা ইতিবাচক দিশ হ’ল আমাৰ শিশুসকলৰ স্বাভাৱিক প্রতিৰোধী ক্ষমতা অধিক৷ ক’ভিডত সেইসকল লোকৰ মৃত্যু হৈছে, যিসকলৰ ডায়েবেটিছ বা অন্য ৰোগ আছে৷ কিন্তু ১৮ বছৰৰ তলৰ শিশু–কিশোৰৰ এই ধৰণৰ ৰোগ নাথাকে৷ দ্বিতীয়তে তেওঁলোকে বহু প্রতিষেধক লৈ থাকে কাৰণে এটা স্বাভাৱিক প্রতিৰোধী ক্ষমতা লাভ কৰে৷ তৃতীয়তে আক্রান্ত হ’লেও তেওঁলোকে শ্বাস–প্রশ্বাসৰ সমস্যাত নপৰে৷ ডাঙৰৰ আচাৰ–ব্যৱহাৰ আৰু শিশুৰ স্বাভাৱিক প্রতিৰোধী ক্ষমতাই এইক্ষেত্রত সহায়ক হ’ব৷

তদুপৰি ভৱিষ্যতে যদি ১২ বছৰলৈকে শিশুৰ প্রতিৰোধী ভেকচিন আহে, তেন্তে এই সকলো দিশ সামৰি হয়তো ভৱিষ্যতে ক’ভিডৰ লগত যুঁজিব পাৰিম৷ আজি মুখ্যমন্ত্রীয়ে ধেমাজি জিলাত আগন্তুক ৭৫ দিনৰ ভিতৰত ভেকচিন প্রদান সম্পূর্ণ কৰাৰ লক্ষ্য লোৱা বুলিও জানিবলৈ দিয়ে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে সোমবাৰে জিলাখনৰ বান পৰিস্থিতি সন্দর্ভত বিস্তৃত আলোচনা কৰে৷

মুখ্যমন্ত্রীয়ে জিলা প্রশাসনক অৰুণাচলৰ পৰা নামনিলৈ নামি অহা নদীসমূহৰ তথ্য সংগ্রহ কৰাৰ লগতে বৰষুণৰ তথ্য আহৰণৰ নির্দেশ দিয়ে৷ যাতে ইয়াৰ ওপৰত ভিত্তি কৰি প্রশাসনে বান সাহায্য আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা ক্ষিপ্র কৰিব পাৰে৷ মুখ্যমন্ত্রীয়ে জিলা প্রশাসনক বানপ্রৱণ এলেকাৰ পথসমূহৰ উপযুক্ত মানচিত্র প্রস্তুত কৰাৰ বাবে আজি নির্দেশ দিয়ে৷

You might also like