নিয়মীয়া বাৰ্তা ২৩ জুনঃ মৰিয়নিৰ কংগ্রেছ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিধায়ক পদৰ লগতে কংগ্রেছ দল ত্যাগ কৰি বিজেপিত যোগদানৰ পিছৰে পৰাই কংগ্রেছৰ আৰু কেইবাগৰাকী বিধায়কে বিজেপিত যোগদান কৰিব বুলি ৰাজনৈতিক মহলত ব্যাপক চর্চা চলি আহিছে৷ এই চর্চা চলি থকাৰ মাজতে আজি বৰপেটাত ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্রী ৰঞ্জিত কুমাৰ দাসে অহা ছমাহৰ ভিতৰত অসমত ৫টা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব বুলি কৰা মন্তব্যই ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে৷
সভাপতি দাসৰ মতে, অহা ছমাহৰ ভিতৰত তামুলপুৰ, গোসাঁইগাঁও, মৰিয়নি সমষ্টিৰ লগতে অসমৰ আৰু দুটা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ মন কৰিবলগীয়া এয়ে যে তামুলপুৰ সমষ্টিৰ বিধায়ক লেহোৰাম বড়ো, গোসাঁইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্র নর্জাৰীৰ মৃত্যু আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে বিধায়ক পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পৰিপ্রেক্ষিতত উক্ত সমষ্টি তিনিটাত উপ–নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৫টা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব বুলি কৰা মন্তব্যই পুনৰ কংগ্রেছী বিধায়কে বিজেপিত যোগদান কৰাৰ ইংগিতেই বহন কৰিছে৷
সভাপতি দাসে স্পষ্টভাৱে সেই কথা উল্লেখ নকৰিলেও তেওঁৰ বক্তব্যই সেই ইংগিতেই দিছে৷ কিয়নো ৰূপজ্যোতি কুর্মীৰ কংগ্রেছ ত্যাগৰ পিছতেই সভাপতি দাসে কংগ্রেছৰ বহু বিধায়কে বিজেপিত যোগদানৰ বাবে যোগাযোগ চলাই থকাৰ বিষয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়াৰ লগতে বৰাক উপত্যকাৰ এগৰাকী কংগ্রেছ বিধায়কে তেওঁক কার্যালয়ত সাক্ষাৎ কৰি সেই সম্পর্কত আগ্রহ ব্যক্ত কৰাৰ বিষয়ে প্রকাশ কৰে৷
আনহাতে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত হ’লে মাজুলী বিধানসভাৰ আসনখন খালী হৈ পৰিব৷ সেই অনুসৰি ৰাজ্যত চাৰিটা সমষ্টিতহে উপ–নির্বাচনৰ প্রাসংগিকতা আহি পৰে৷ কিন্তু ৫টা সমষ্টিত উপ–নির্বাচন হ’ব লাগিলে পুনৰ আন এটা সমষ্টিৰ বিধায়ক পদ খালী হ’ব লাগিব৷ এনে অৱস্থাত বিৰোধীৰ বিধায়কে বিজেপিত যোগদান কৰাৰ ইংগিতেই সভাপতি দাসে দিছে৷ অৱশ্যে কোন দলৰ কোন বিধায়ক বিজেপিলৈ আহিব, সেই বিষয়ে সাংবাদিকে জানিব বিচৰাত সভাপতি দাসে বিষয়টো অতি কৌশলেৰে এৰাই চলি এতিয়াই একো ক’ব পৰা হোৱা নাই বুলি মন্তব্য কৰে৷
আনহাতে ৰূপজ্যোতি কুর্মীৰ প্রশংসাত পঞ্চমুখ হৈ সভাপতি দাসে কয় যে ৰূপজ্যোতি সংগ্রামী ল’ৰা৷ তেওঁৰ গাত বিধায়কৰ অহংকাৰ নাই৷ ৰূপজ্যোতি কুর্মী ৰাইজৰ হকে কাম কৰা এজন ব্যক্তি৷ বিধানসভাৰ মজিয়াত তথ্যসম্বলিত বক্তব্যৰে সক্রিয়তা প্রদর্শন কৰি অহা ৰূপজ্যোতিক কংগ্রেছ দলে উপযুক্ত মর্যাদা আৰু সন্মান নিদিলে৷ বিজেপিয়ে সকলো কার্যকর্তাকে মর্যাদা দিয়ে৷ সেই কথা ৰূপজ্যোতি কুর্মীয়ে উপলব্ধি কৰিয়েই বিজেপিত যোগদান কৰিলে বুলি মন্তব্য কৰে৷
ইপিনে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ আজিৰ মন্তব্যৰ পিছতেই বিৰোধী দল কংগ্রেছত গভীৰ উৎকণ্ঠাৰ সৃষ্টি হৈছে৷ ৰূপজ্যোতি কুর্মীৰ পিছত আৰু কোন কংগ্রেছী বিধায়কে গেৰুৱা বসন পৰিধান কৰিব, তাকে লৈ দলটোৰ অভ্যন্তৰত ব্যাপক চর্চা চলিছে৷ বিশেষকৈ বিজেপিত যোগদান কৰিবলগীয়া বৰাক উপত্যকাৰ আৰু উজনি অসমৰ কোন দুগৰাকী বিধায়ক আছে, তাকে লৈ দলটোৰ ভিতৰচ’ৰাত সাংঘাতিক চর্চা লাভ কৰিছে৷ এই সম্পর্কত বিৰোধী দলপতি দেৱব্রত শইকীয়াই তেওঁৰ হাতত সেই সম্পর্কত কোনো তথ্য বা খবৰ নাই বুলি জানিবলৈ দিয়ে৷ আনহাতে অহা ২৪ জুনত কংগ্রেছ বিধায়িনী দলে আয়োজন কৰা বৈঠক সম্পর্কত বিৰোধী দলপতি শইকীয়াই কয় যে অহা ১২ জুলাইৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হ’ব৷ এইবাৰ দললৈ নতুনকৈ ১০–১২জন বিধায়ক নির্বাচিত হৈ আহিছে৷ বিধানসভাত কেনেদৰে প্রশ্ণ আদি উত্থাপন কৰিব লাগে, সেই সম্পর্কত বিধায়কসকলক সজাগ কৰাৰ বাবেই বিধায়িনী দলৰ বৈঠকখনৰ আয়োজন কৰা হৈছে৷
অৱশ্যে বিৰোধী দলপতি শইকীয়াৰ এনে ভাষ্যৰ বিপৰীতে কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, কংগ্রেছী বিধায়কৰ বিজেপি গমনৰ পথ ৰোধ কৰাৰ বাবেই দলৰ নেতৃত্বই প্রতিগৰাকী বিধায়কৰ সৈতে মত বিনিময় কৰিব বিচাৰিছে৷ তাৰ বাবে এই বিধায়িনী বৈঠকৰ আয়োজন কৰা হৈছে৷ ইপিনে কংগ্রেছ দলত পদত্যাগৰ ধাৰা এতিয়াও অব্যাহত আছে৷ অসম প্রদেশ কংগ্রেছ কমিটীৰ প্রাক্তন সম্পাদক প্রবীৰ কলিতাই আজি দলৰ পৰা পদত্যাগ কৰে৷ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীলৈ প্রেৰণ কৰা পদত্যাগ–পত্রখনত্ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু উপ–সভাপতি ৰকিবুল হুছেইনে অগণতান্ত্রিক পথেৰে দল চলাই অহাৰ অভিযোগ কৰি কয় যে ইয়াকে লৈ যোৱা বছৰ দলত মুকলি বিদ্রোহ হৈছিল৷ সেই সময়ৰ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱাটে ৰাজীৱ ভৱনত বৈঠক অনুষ্ঠিত কৰি দলীয় কর্মীসকলৰ ক্ষোভ–সন্তুষ্টিৰ বুজ ল’বলগীয়া হৈছিল যদিও কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ পত্রখনত তেওঁ ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনৰ নেতৃত্বত অসমত কংগ্রেছ দলৰ কোনো ভৱিষ্যৎ নাই বুলি উল্লেখ কৰি তেওঁ কংগ্রেছ দলৰ পৰা পদত্যাগ কৰে৷