ৰাজ্যসমূহত আছে ১.৮৯ কোটি ভেকচিন ড’জঃ কেন্দ্র
নিয়মীয়া বাৰ্তা ২৫ জুনঃ দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহত এতিয়াও ব্যৱহাৰ নকৰাকৈ বাকী আছে ১.৮৯ কোটিতকৈ অধিক ভেকিচিন ড’জ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে আজি এই তথ্য সদৰী কৰিছে৷ দেশত ভেকচিনৰ নাটনি হোৱা বুলি চর্চিত বাতৰিক নস্যাৎ কৰি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলসমূহত ব্যৱহাৰ নকৰাকৈ ১.৮৯ কোটিৰ অধিক ভেকচিনৰ ড’জ মজুত আছে বুলি তথ্য প্রকাশ কৰিছে৷