শিশুৰ পর্ণগ্রাফী প্রচাৰত অনুমতি দি বিপদত টুইটাৰ
নিয়মীয়া বাৰ্তা ৩০ জুনঃ নতুন তথ্য প্রযুক্তি আইনক লৈ কেন্দ্রীয় চৰকাৰৰ সৈতে বিবাদত থকা টুইটাৰ এইবাৰ আন এক বিপদত পৰিছে৷ শিশুৰ পর্ণগ্রাফী প্রচাৰৰ অনুমতি দিয়াৰ বাবে ৰাষ্ট্রীয় শিশু সুৰক্ষা অধিকাৰ আয়োগৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীৰ চাইবাৰ চেলে টুইটাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ উল্লেখ্য যে টুইটাৰৰ বিৰুদ্ধে ৰাষ্ট্রীয় শিশু সুৰক্ষা অধিকাৰ আয়োগে অভিযোগ দাখিল কৰিছে৷