তামিলনাডুত বৃহত্তম পৰমাণু শক্তি প্রকল্পৰ নির্মাণ আৰম্ভ
নিয়মীয়া বাৰ্তা ৩০ জুনঃ তামিলনাডুৰ তিৰুনেলভেলী জিলাত ভাৰতৰ বৃহত্তম পাৰমাণৱিক শক্তি প্লাণ্টৰ ক্ষেত্রত নির্মাণকার্য আজিৰে পৰা আৰম্ভ কৰা হৈছে৷ কুণ্ডনকুলাম পাৰমাণৱিক শক্তিৰ ক্ষেত্র (কে কে এন পি)ৰ নির্মাণ কার্য আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰা বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷ লক্ষণীয়ভাৱে ভাৰতৰ পাৰমাণৱিক শক্তি প্রকল্পৰ ক্ষেত্রত এই কে কে এন পি এক মাইল স্তম্ভ হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে৷ এয়া হ’ব ফার্ষ্ট প’ৰ অৱ কংক্রিট (এফপিচি) প্রকল্প৷ ৰিয়েক্টৰ নির্মাণ, অতিৰিক্ত ৰিয়েক্টৰ নির্মাণ তথা মূল নিয়ন্ত্রণ কক্ষ নির্মাণ আদি এই শক্তি প্রকল্প আৰম্ভ হৈছে৷
ভাৰতৰ বৃহত্তম পৰমাণু শক্তি উৎপাদন ক্ষেত্রত কে কে এন পিত থাকিব ৬টা লাইট ৱাটাৰ ৰিয়েক্টৰৰ গোট৷ প্রতিটো গোটৰ সক্ষমতা হ’ব ১০০০ মেগাৱাট শক্তি উৎপাদনৰ উল্লেখনীয় যে ৰাছিয়ান ফেডাৰেচনৰ প্রযুক্তিক সহযোগিতাত এই শক্তি প্রকল্প নির্মাণ কৰি তোলা হৈছে৷ নিৰাপত্তাৰ দিশৰ পৰা কুণ্ডনকুলামৰ ৰিয়েক্টৰবোৰ হ’ব অত্যাধুনিক৷ অর্থাৎ পৰমাণু শক্তি কেন্দ্রত সঘনে আহিব পৰা বিপর্যয়ৰ আশংকা নাথাকিব এই প্রকল্পত৷ জনজীৱন আৰু পাৰিপার্শ্বিক দিশৰ নিৰাপত্তাৰ বিষয়টোত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি চৰকাৰী সূত্রই সদৰী কৰিছে৷