নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রধানমন্ত্রী মোদীলৈ মমতাই প্রেৰণ কৰিলে বংগৰ সুস্বাদু আম

নিয়মীয়া বাৰ্তা ৩০ জুনঃ ৰাজনৈতিক মতবিৰোধ যিমানেই নাথাকক কিয়, প্রতি বছৰৰ দৰে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে এইবাৰো প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ প্রেৰণ কৰিছে ৰাজ্যখনৰ আম৷ দিল্লীৰ পশ্চিমবংগ ভৱনৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত প্রধানমন্ত্রীলৈ উপহাৰ হিচাপে প্রেৰণ কৰা হৈছে এই আম৷ অকল প্রধানমন্ত্রী মোদীয়েই নহয়, কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীসহ দিল্লীৰ বহু নেতা তথা মন্ত্রীলৈ মমতাই উপহাৰ হিচাপে প্রেৰণ কৰিছে ৰাজ্যখনৰ সুস্বাদু আম৷ মুখ্যমন্ত্রীৰ তৰফৰ পৰা তিনি ধৰণৰ আম প্রধানমন্ত্রী তথা অন্যান্য নেতাসকললৈ প্রেৰণ কৰা হৈছে৷ এই আমসমূহ হৈছে লক্ষ্মণভোগ, লেংৰা আৰু হিমসাগৰ৷ স্মর্তব্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মমতা বেনার্জীৰ মাজত ৰাজনৈতিক ক্ষেত্রখনত তীব্র মতানৈক্য আছে যদিও বংগৰ অগ্ণিকন্যাই বিভিন্ন সময়ত প্রধানমন্ত্রীলৈ উপহাৰ প্রেৰণ কৰি আহিছে৷ অৱশ্যে, যোৱা বছৰ ক’ৰোনা মহামাৰীৰ বাবে মমতাই প্রেৰণ কৰা আমৰ সোৱাদ ল’ব নোৱাৰিলে প্রধানমন্ত্রী মোদীয়ে৷

You might also like