নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনঃ বিজেপিয়ে লাভ কৰিছিল ২০ শতাংশ মুছলিমৰ ভোট

নিয়মীয়া বাৰ্তা ১ জুলাইঃ ক্রমাগত দ্বিতীয়বাৰৰ বাবে কেন্দ্রত শাসনত অধিষ্ঠিত হোৱা ভাৰতীয় জনতা পার্টীয়ে ২০১৯ চনৰ লোকসভা নির্বাচনত ২০ শতাংশ মুছলিম ভোট লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে বিৰোধী কংগ্রেছ দলে লাভ কৰিছিল ৩০ শতাংশ৷ পিউ ৰিছার্চ চেণ্টাৰ অন ৰিলিজিয়ন, কাষ্ট নেচনেলিজিম এণ্ড এটিটিউডছ ইন ইণ্ডিয়াৰ প্রতিবেদনত বিজেপিৰ তুলনাত শতিকা পুৰণি কংগ্রেছ দলে ধর্মীয় সংখ্যালঘুৰ ভোট লাভ কৰাৰ বিপৰীতে হিন্দুৰ ভোট বিজেপিয়ে অধিক লাভ কৰিছিল৷ প্রতিবেদন মতে বিজেপিক ২০ শতাংশ মুছলিম ভোটাৰে সমর্থন জনাইছে৷

অর্থাৎ দেশৰ ৫জন মুছলমানৰ ভিতৰত এজনে বিজেপিৰ সপক্ষত ভোটদান কৰিছে৷ আনপিনে, বিৰোধী কংগ্রেছ দলক ৩০ শতাংশ মুছলিমে ভোটদান কৰাৰ বিপৰীতে ৩০ শতাংশ খ্রীষ্টিয়ান আৰু ৩৩ শতাংশ শিখে ভোটদান কৰিছে৷ তুলনামূলক দৃষ্টিত সংখ্যালঘুৱে বিজেপিৰ বিপৰীতে কংগ্রেছক ভোট প্রদান কৰিছে৷

ইপিনে, বিজেপিয়ে হিন্দু ভোটাৰৰ ৪৯ শতাংশ ভোট লাভ কৰিছে৷ অর্থাৎ প্রায় অর্ধেক হিন্দু ভোটাৰ বিজেপিৰ সমর্থনত আছে৷ আনহাতে, ভাৰতীয় সংস্কৃতি সর্বোত্তম বুলি মধ্য ভাৰতৰ ৮১ শতাংশই সম্পূর্ণ সন্মতি প্রকাশ কৰাৰ বিপৰীতে উত্তৰ–পূবৰ ৫৯ শতাংশই ভাৰতীয় সংস্কৃতি সর্বোত্তম বুলি সন্মতি প্রকাশ কৰে৷ ভাৰতীয় লোক পাৰফেক্ট নহয় বুলি মানি নল’লেও ৭২ শতাংশ লোকে ভাৰতীয় সংস্কৃতি আন সংস্কৃতিৰ তুলনাত সর্বোত্তম বুলি মানি লয়৷ ধর্মীয় সংখ্যালঘুৰ ক্ষেত্রত ৫২ শতাংশ খ্রীষ্টিয়ানে ভাৰতীয় সংস্কৃতিক সর্বোত্তম বুলি মানি লোৱাৰ বিপৰীতে ৬৩ শতাংশ মুছলিম আৰু ৫৭ শতাংশ শিখেও মানি লয়৷

You might also like