নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা অ’ভাৰত ৬টা ছয় কোবাই বিশ্বৰ সপ্তমগৰাকী ক্রিকেটাৰৰ গৌৰৱ লি’ কার্টাৰৰ

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ সীমিত অ’ভাৰৰ ক্রিকেটত এটা অ’ভাৰত ৬টাকৈ ছয় কোবাই বিশ্বৰ সপ্তমগৰাকী ক্রিকেটাৰ হিচাপে গৌৰৱ অর্জন কৰিলে নিউজিলেণ্ডৰ লি’ কার্টাৰে৷

নিউজিলেণ্ডৰ ঘৰুৱা টি–২০ ক্রিকেট প্রতিযোগিতা ছুপাৰ স্মেছত চেণ্টাৰবুৰি কিংছক প্রতিনিধিত্ব কৰা ২৫ বছৰীয়া বাঁওহতীয়া বেটছমেন কার্টাৰে নর্দার্ন নাইটছ দলৰ বাঁওহতীয়া স্পিনাৰ এণ্টন ডেভছিছৰ এটা অ’ভাৰত ৬টাকৈ ছয় কোবায়৷

মেচখনত ২৯টা বলত ৭০ ৰান কৰা কার্টাৰে টি–২০ ক্রিকেটত ২০০৭ চনত যুৱৰাজ সিং, ২০১৭ চনত হোৱাইটলে আৰু ২০১৮ চনত জাজায়ে কৰা গৌৰৱটোৰ সম অধিকাৰী হয়৷

উল্লেখ্য যে সীমিত অ’ভাৰৰ ঘৰুৱা আৰু আন্তর্জাতিক ক্রিকেটৰ এটা অ’ভাৰত ৬টাকৈ ছয় কোবোৱা কার্টাৰ হ’ল বিশ্বৰ সপ্তমগৰাকী বেটছমেন৷ ইয়াৰ পূর্বে এই গৌৰৱৰ অধিকাৰী আছিল ছ’বার্ছ, শাস্ত্রী, গিবছ, যুৱৰাজ, হোৱাইটলে আৰু জাজাই

You might also like