নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Google-ত যি ইচ্ছা চাওক গোপনে, কোনেও আপুনি কি চাইছে নাজানিব! জানি লওক কেনেকৈ…

 গুগল অবিহনে আমাৰ এক মুহূৰ্তও নচলে। আমি প্ৰায়ে বিভিন্ন কামৰ বাবে গুগলৰ সহায় লওঁ। সেইকাৰণে গুগলৰ চার্চ হিষ্ট্ৰিত বহুতো গুৰুত্বপূৰ্ণ তথ্যৰ লগতে কিছুমান ব্যক্তিগত তথ্য থাকি যায়। ফলস্বৰূপে, সেইবোৰ গোপন বা সুৰক্ষিত ৰখাটো অতি গুৰুত্বপূৰ্ণ। চার্চ হিষ্ট্ৰি, এচিছট্যান্ট কমাণ্ড, মেপ আৰু অন্যান্য সেৱাৰ সংবেদনশীল তথ্যক পাছৱৰ্ডৰ সৈতে সুৰক্ষিত কৰাৰ সুযোগ প্ৰদান কৰে।

যদি আপোনাৰ ছিষ্টেম আন কানোবাই ব্যৱহাৰ কৰে, তেওঁ গুগল ক্ৰ’ম খোলাৰ সময়ত আপুনি কি অনুসন্ধান কৰিছিল দেখা পাব। একে সময়তে, তেওঁ অধিক গুৰুত্বপূৰ্ণ আৰু ব্যক্তিগত তথ্য লক্ষ্য কৰিব পাৰিব। আপোনাৰ চার্চ হিষ্ট্ৰি চাই, ব্যক্তিজনে আপুনি কেনেকুৱা সেয়া ধাৰণা কৰি ল’ব পাৰে। গতিকে আপোনাৰ চার্চ হিষ্ট্ৰি সুৰক্ষিত কৰিবলৈ পাছৱৰ্ড ব্যৱহাৰ কৰক। পাছৱৰ্ড সমূহ কেনেদৰে যোগ কৰিব লাগে জানি লওক-

যেতিয়াই আপুনি গুগল ডিভাইচত ক্ৰ’ম ব্ৰাউজাৰ ব্যৱহাৰ কৰে, তেওঁৰ চার্চ হিষ্ট্ৰি ষ্টৰ হয় মাই এক্টিভিটিত। গতিকে প্ৰথমে গুগল একাউণ্টলৈ যাওক আৰু ৱেব ব্ৰাউজাৰত activity.google.com খোলক। আৰম্ভণিতে আপুনি ‘মেনেজ মাই এক্টিভিটি’ ভেৰিফিকেচন’ত ক্লিক কৰক।

এতিয়া ‘ৰেকায়াৰ এক্সট্ৰা ভেৰিফিকেচন’ নামৰ বিকল্পটোত ক্লিক কৰক আৰু চেভ বিকল্পত ক্লিক কৰক। আপুনি একাউণ্টটোৰ গৰাকী ৰূপে সুনিশ্চিত হ’বলৈ আপোনাৰ গুগল একাউণ্টৰ পাছৱৰ্ডটো চোৱা হ’ব।

আপুনি পাছৱৰ্ড দি নিশ্চিত কৰাৰ লগে লগে আপোনাৰ চার্চ হিষ্ট্ৰি সুৰক্ষিত কৰা হ’ব। যাৰ ফলত আপুনি পৰৱৰ্তী সময়ত বিচাৰি থকা একো আন কোনেও দেখা নাপাব।

You might also like