৫ নং দফা
নির্বাচন আহিলে খবৰ–আলোচনাৰ মাজলৈ আহে বাঘবৰ–জনিয়া৷ তাত কোন জিকিব বা কোনে হাৰিব পাৰে, সেইটো আগতীয়াকৈ কৈ দিব পাৰি৷ বাৰিয়া আহিলেও বাঘবৰ–জনিয়া খবৰলৈ আহে৷ বান আহে, মথাউৰি ছিঙে৷ নৈ, খাল, বিল, গাঁও, খেতিপথাৰ, বিদ্যালয়, ৰাজপথ সকলো একাকাৰ হৈ পৰে৷ তেতিয়া বাতকিকাকতৰ বাতৰি হয়৷ টিভিৰ পর্দাত পানী আৰু দুর্দশাগ্রস্ত মানুহৰ দৃশ্য ওলায়৷ আৰু যেতিয়া লোকপিয়লৰ কথা আহে, তেতিয়া বাঘবৰ–জনিয়াৰ কথা ওলায়৷ ইয়াৰ বাহিৰে বাকী সময়ছোৱাত সমষ্টি দুটাৰ কথা বৰকৈ চর্চালৈ নাহে৷ কিন্তু অসমীয়া মানুহৰ চেতনাত ই ফল্গুৰ দৰে বৈ থাকে৷ শব্দ দুটাৰ সাধাৰণ উচ্চাৰণেও মানুহৰ মনযোগ কাঢ়িব পাৰে বা কাঢ়ে৷ বাঘবৰ–জনিয়া এনেকুৱাই৷ ই মাথোঁ দুটা বিধানসভা সমষ্টি নহয়, ইয়াৰে সৈতে যুক্ত হৈ আছে অসমীয়া–খিলঞ্জীয়াৰ প্রভুত্ব আৰু ভৱিষ্যৎ৷ সৰল অর্থত ক’বলৈ গ’লে বাঘবৰ–জনিয়া অসমৰ বাবে এটা বিশেষ প্রতীক৷ সমষ্টি দুটাই সেই ৪০টা বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰে, য’ত এটা বিশেষ ধর্মীয় গোষ্ঠীৰ ৰাজনৈতিক প্রভুত্ব চলে৷ এইবাৰৰ বিধানসভা নির্বাচনত ৪০টা সমষ্টিৰ ৩৩টাতেই মহাজোঁটৰ প্রার্থী জয়ী হৈছে৷ সেয়ে বাঘবৰ–জনিয়াত জনসংখ্যা বৃদ্ধি পালে লাখ লাখ অসমীয়াৰ বুকুত কঁপনি উঠে৷ ভূ–খণ্ডটোৰ প্রতিটো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ বুকুৱে বুকুৱে অসহনীয় বেদনা এটা তৰংগৰ দৰে বৈ যায়৷ অনেকৰে মনত এনে ভাব হয় যেন যুগ যুগ ধৰি বসবাস কৰি থকা অসমৰ ভূমি আৰু সুৰক্ষিত হৈ নাথাকিব৷ ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সংস্কৃতিককে ধৰি সকলো দিশতে নামি আহিব অভূতপূর্ব বিপর্যয়৷ সকলো এখন বিদেশী ৰাষ্ট্রৰ পৰা অবৈধভাৱে প্রৱেশ কৰা লোকৰ হাতলৈ যাব৷
বাঘবৰ–জনিয়াত বিগত দহ বছৰত ঘটা জনবিস্ফোৰণৰ উদ্বেগজনক ছবি এখন ‘নিয়মীয়া বার্তা’ত অলপতে প্রকাশ পাইছে৷ সেই অনুসৰি, বাঘবৰত ২০১১ চনৰ তুলনাত ২০২১ চনত ৫৩ শতাংশ ভোটাৰ বৃদ্ধি পাইছে৷ এই সময়ছোৱাত ভোটাৰৰ সংখ্যা বাঢ়িছে ৫৭,৫৮১গৰাকী৷ একেদৰে জনিয়াত ৫৫ শতাংশ হাৰত ৭৮,৯৮১গৰাকী ভোটাৰ বৃদ্ধি পাইছে৷ পৰিসংখ্যাটো খিলঞ্জীয়া লোকৰ অস্তিত্ব আৰু প্রভুত্বৰ স্বাস্থ্যৰ বাবে সুখকৰ নহয় বুলি প্রতিবেদনটোত প্রকাশ পাইছে৷ আনহাতে, প্রতিবেদন প্রকাশ পোৱাৰ দিনটোতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যখনৰ ডেৰ শতাধিক খিলঞ্জীয়া মুছলমানৰ প্রতিনিধিৰে ‘আলাপ–আলোচনা’ শীর্ষক বৈঠক এখন পাতি মুছলমান সমাজত বিৰাজমান জনবিস্ফোৰণক কিদৰে নিয়ন্ত্রণ কৰিব পাৰি, ইয়াৰ গুৰুত্ব কিমান, বিষয়টো খৰচি মাৰি আলোচনা কৰে৷ পৰৱর্তীত পূর্ববংগীয় মুছলমানৰ প্রতিনিধিৰেও অনুৰূপ বৈঠক এখন অনুষ্ঠিত কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ জৰিয়তে সদৰী কৰিছে৷ জনসংখ্যাৰ এনে বিস্ফোৰণে অসমৰ আন আন জাতি–জনগোষ্ঠীক শংকিত কৰি তুলিছে৷ এই প্রসংগতে এটা দফাৰ কথা মনলৈ আহে৷ অসম চুক্তিৰ ৬ নং দফা৷ দফাটোত ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীক সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা ৰখা হৈছে৷ অৱশ্যে চুক্তিখনত অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ কথা উল্লেখ আছে৷ ইয়াক লৈ বিতর্কৰ সৃষ্টি হোৱাত আৰু ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ আৱেগ–নুভূতি তথা আত্মপৰিচয়ৰ তাডনা অথবা তাগিদালৈ চাই অসমীয়া শব্দটোৰ ঠাইত এতিয়া খিলঞ্জীয়া শব্দটো ব্যৱহাৰ কৰা হয়৷ অর্থাৎ বাঘবৰ–জনিয়াত যিমানেই জনবিস্ফোৰণ ঘটিব, অসম চুক্তিৰ ৬ নং দফাৰ প্রাসংগিকতা সিমানেই বাঢ়িব৷ সাংবিধানিক ৰক্ষাকৱচৰ গুৰুত্ব বাঢ়ি গৈ থাকিব৷ অসম চুক্তিৰ ৬ নং দফাৰ লগতে এইবাৰ জনিয়া–বাঘবৰ আন এটা দফাৰ সৈতে সংযুক্ত হৈ পৰিছে৷ সেইটো হ’ল ৫ নং দফা৷ দফাটোক লৈ এতিয়া ৰাজ্যখনৰ চৌদিশে উত্তাল৷ কোনোৱে বিষয়টোত সততা আৰু নিষ্ঠাৰে সপক্ষে–বিপক্ষে মাত মাতি বিদ্যার্থী সমাজৰ ভৱিষ্যৎ সুৰক্ষিত হৈ থকাটো বিচাৰিছে৷ কোনো কোনোৱে ইয়াৰ উত্তাপত চাউল সিজাই ৰাজনীতিৰ ভাতমুঠি সিজোৱাৰ চেষ্টা চলাইছে৷ ইয়াতো কোনোৱে বিপক্ষে থিয় দিছে, কোনোৱে সপক্ষে থিয় দিছে৷ বাঘবৰ, জনিয়াৰ চর্চাত এইটোৱেই লাভ (?)৷ মুনাফা দুয়োফালে৷
৫নং দফাটো অসম চুক্তিৰ অংগ নহয়৷ ই আহিছে পৰীক্ষাৰ মূল্যায়ন আর্হিৰ হাতত ধৰি৷ ৰাজ্য চৰকাৰে মেড্রিক, হাইমাদ্রাছা আৰু উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাৰ ফলাফলৰ আর্হি প্রস্তুত কৰিবলৈ দুখন উচ্চস্তৰীয় বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল৷ সমিতি দুখনে চৰকাৰৰ হাতত আর্হি জমা দিলে৷ শিক্ষামন্ত্রীয়ে সেই আর্হিৰ কথা ৰাজহুৱা কৰোঁতে তাৰে নেজত ধৰি আহিল ৫ নং দফাটো৷ দফাটোৰ ব্যাখ্যা কৰি শিক্ষামন্ত্রীয়ে ক’লে, মার্কশ্বীটখন শিক্ষক নিযুক্তি অর্থাৎ টেটৰ বাবে গ্রাহ্য নহ’ব৷ বিশেষ পৰীক্ষা এটাত অৱতীর্ণ হৈ টেটত বহাৰ যোগ্যতা অর্জন কৰিবলৈ আন এখন মার্কশ্বীট অর্জন কৰিব লাগিব৷ বহুতোৰে বাবে ই এটা আতংকজনক খবৰ হৈ আহিল৷ কি কথা উত্তীর্ণৰ বাবে এখন মার্কশ্বীট, চাকৰিৰ বাবে লাগিব আন এখন মার্কশ্বীট৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ইয়াৰ সপক্ষে দিয়া যুক্তিত কৈছে– এইখন মার্কশ্বীটেৰে টেটত বহিবলৈ সুযোগ দিলে আনে ন্যায়ালয়ত গোচৰ তৰিব৷ মানে তেওঁ পাকেপ্রকাৰে বুজাই দিলে যে মার্কশ্বীটখন অথবা মূল্যায়নৰ ভিত্তিত চৰকাৰে ঘোষণা কৰিবলৈ ওলোৱা ফলাফলৰ আইনগত ভিত্তি নাই৷ গতিকে ইয়াক আদালতত প্রত্যাহ্বান জনাব পৰা যাব আৰু চৰকাৰে আত্মপক্ষৰ সমর্থনত একোৱেই কৰিব নোৱাৰিব৷ এইটো কিবা কথা হ’লনে? আইনগত বৈধতা নথকা এনে ফলাফলক ভেঁকো–ভাওনা নকৈ আৰু কি ক’ব পাৰি কথাটো ইয়ালৈকে এটা পর্যায়তে আছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নতুন দিল্লীত সংবাদ মেল পাতি দিয়া ব্যাখ্যাটোৱে সমগ্র বিষয়টোক আন এটা পর্যায়লৈ লৈ গ’ল৷ প্রেক্ষাপটলৈ আহিল বাঘবৰ–জনিয়া৷ তেওঁ ক’লে যে মার্কশ্বীটখন অকল টেটৰ ক্ষেত্রতহে গ্রাহ্য নহ’ব৷ আন ক্ষেত্রত একো অসুবিধা নাই৷ কিয়নো অসমত টেটৰ বাহিৰে আন চৰকাৰী চাকৰিত মেড্রিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ নম্বৰৰ গুৰুত্ব নাই৷ তেওঁ লগতে আৰু এটা কথা ক’লে, বাঘবৰ–জনিয়াত এশ এশ নম্বৰ দিব৷ অর্থাৎ এশ এশ নম্বৰ লাভ কৰি সেই অঞ্চলৰ শিক্ষার্থীয়ে টেটৰ সকলোবোৰ চাকৰি লৈ যাব৷ পৰীক্ষাগৃহত অনুষ্ঠিত পৰীক্ষাত মেধাৰে উত্তীর্ণ হোৱাসকল বঞ্চিত হৈ ৰ’ব৷ অর্থাৎ প্রশ্ণটো অসম আৰু অসমীয়াৰ অস্তিত্বৰ৷ ইয়াৰ পৰা খিলঞ্জীয়াক ৰক্ষা কৰিব লাগিব৷ সেয়ে ৫ নং দফা৷
মুখ্যমন্ত্রী ড০ শর্মা আৰু শিক্ষামন্ত্রী ডাঃ পেগুৰ বক্তব্যৰ পৰা এটা কথা বুজিবলৈ অলপো কঠিন নহয় যে মূল্যায়নৰ জৰিয়তে এইবাৰ ঘোষণা কৰিবলৈ লোৱা পৰীক্ষাৰ ফলাফল কোনো কাৰণতে স্বচ্ছ নহ’ব৷ ই অনেকৰে ইচ্ছা–নিচ্ছাৰ ওপৰত নির্ভৰশীল হৈ পৰিব৷ কোনো কোনো বিদ্যালয় কর্তৃপক্ষই ইচ্ছা কৰিলেই শিক্ষার্থীক এশৰ ওচৰা–উচৰি নম্বৰ দিব পাৰিব৷ কোনো কোনো ঠাইত নম্বৰক লৈ বজাৰো বহিব পাৰে৷ তাক প্রতিৰোধ কৰিব পৰাকৈ চৰকাৰী গৃহত পর্যাপ্ত সমল নাই৷ সকলোৰে পৰাতো নৈতিকতা আশা কৰিব নোৱাৰি৷ গতিকে বিশেষ ব্যৱস্থাৰে শিক্ষকৰ চাকৰিকেইটা সুৰক্ষিত কৰি ৰাখিব লাগিব৷ অসম আৰু অসমীয়াৰ বাবে এই ৰাজনীতি নতুন৷ স্বাধীনতাৰ পিছত সুদীর্ঘকাল অসম শাসন কৰা কংগ্রেছৰ ৰাজনীতিহে অসমে দেখি আহিছে৷ আজি যদি দিছপুৰ কংগ্রেছৰ দখলত থাকিলহেঁতেন, অসমে ওলোটা ছবি এখন দেখিলেহেঁতেন৷ তেওঁলোকৰ তুষ্টিকৰণৰ ৰাজনীতি বেলেগ৷ এতিয়া শাসনত বিজেপি আছে, বিজেপিৰ ৰাজনীতি ভিন্ন৷ বিজেপিয়ে অসমৰ সভ্যতা–সংস্কৃতিৰ কথা কয়৷ অসমৰ সভ্যতা–সংস্কৃতিৰ সুৰক্ষা কথা কোৱা বিজেপিয়ে চাকৰিকেইটা বাঘবৰ–জনিয়াৰ বাবে কিয় এৰি দিব? নিদিয়ে৷ কথাটোতো অকল বাঘবৰ–জনিয়াক লৈ নহয়৷ ই এটা প্রতীকহে৷ বিজেপিয়ে ভালদৰে জানে যে বাঘবৰ–জনিয়াত জনসংখ্যা বাঢ়িলে কাৰ বুকুত কঁপনি উঠে৷ কাৰ বুকুৱে বুকুৱে অসহনীয় বেদনা এটা তংৰগৰ দৰে বৈ যায়৷ অৱশ্যে ইয়াৰ অর্থ এইটোও নহয় যে বাঘবৰ–জনিয়াৰ দৰে সমষ্টিত বাস কৰা সকলো মুছলমান অবৈধ বাংলাদেশী নতুবা অসমৰ সভ্যতা–সংস্কৃতিৰ বাবে বিপজ্জনক৷ সদ্যপ্রয়াত হোমেন বৰগোহাঞিয়ে এটা লেখাত কৈছিল, এটা বৃহৎ জনগোষ্ঠীৰ সৈতে সংঘাতৰ সৃষ্টি কৰি অসমখন শান্তি আৰু প্রগতিৰ দিশে আগুৱাব নোৱাৰে৷ কিন্তু সমষ্টিকেইটাই প্রতীকী অর্থ এটা ইতিমধ্যে লাভ কৰিছে৷ অনাগত দিনত এই প্রতীকী অর্থৰ সংঘাতখন আৰু ব্যাপক হ’ব৷ ৰাজনীতিয়ে ইয়াক ৰবৰৰ দৰে টানি থাকিব৷