নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুধবাৰে ৰাজ্যত ২,২৮৯জন ক’ভিড পজিটিভ

নিয়মীয়া বাৰ্তা ৮ জুলাইঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ ৭খন জিলাত সম্পূর্ণ কনটেইনমেণ্ট ঘোষণা কৰাৰ লগতে আন্তঃজিলা যাতায়াত বন্ধ কৰাকে ধৰি কেতবোৰ কঠোৰ নীতি–নির্দেশনা বলৱৎ হৈ থকাৰ পাছতো হ্রাস পোৱা নাই সংক্রমণ৷ বুধবাৰে পুনৰ ৰাজ্যত ২,২৮৯জন লোক নতুনকৈ ক’ভিডত অক্রান্ত হৈছে৷ এই আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ২২৬জন গোলাঘাট জিলাৰ৷ তদুপৰি লখিমপুৰত ২১১, কামৰূপ মহানগৰত ১৮১ আৰু যোৰহাটত ১৫৮জন লোক ক’ভিডত আক্রান্ত হৈছে৷

বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ১,০১,৭২৯টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আজি আক্রান্তৰ হাৰ হৈছে ২.২৫ শতাংশ৷ অৱশ্যে বুধবাৰে আক্রান্ত লোকতকৈ অধিক লোক সুস্থ হৈছে ক’ভিডৰ পৰা৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি আজি ক’ভিডৰ পৰা সুস্থ হৈছে ৩,১৩৬জন লোক৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ২২,০২৪জন লোক৷

ইপিনে, বুধবাৰে ক’ভিডত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে মুঠ ২৬জন লোকে৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ৫জন শিৱসাগৰ জিলাৰ৷ সমান্তৰালভাৱে বৰপেটা–গোলাঘাট–কামৰূপ মহানগৰ জিলাৰ তিনিজনকৈ আৰু চৰাইদেউ–গোৱালপাৰা দুজনকৈ লোকৰ মৃত্যু ঘটিছে৷ সেইদৰে কাছাৰ–দৰং–ডিব্রুগ এজনকৈ লোকৰ প্রাণ ল’লে ক’ভিডে৷ বর্তমানলৈ ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৪,৭৪৩জন৷

ইফালে, বুধবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু সংশ্লিষ্ট বিষয়ববীয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত৷ এই বৈঠকত মহানগৰীত সামান্য পৰিমাণে ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱা প্রসংগই স্থান লাভ কৰে৷ এই বৈঠকতে স্বাস্থ্যমন্ত্রীয়ে মহানগৰীখনত ক’ভিড প্রট’কল ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে৷

সেই অনুসৰি আজি ৫ বজাৰ পিছত জিলা প্রশাসন আৰু মহানগৰ আৰক্ষীয়ে নিয়ম ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব৷ মাস্ক পৰিধান নকৰা, সান্ধ্য আইন ভংগ কৰা লোকসকলৰ বিৰুদ্ধে অভিযান চলাব প্রশাসন আৰু আৰক্ষীৰ যৌথ টাস্ক ফ’র্চে৷ তদুপৰি মহানগৰীলৈ প্রৱেশ পথসমূহত আন্তঃজিলা যাতায়াতৰ ক্ষেত্রতো কঠোৰ হ’ব আৰক্ষী৷

You might also like