নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ দেওবাৰে সন্ধ্যা দেশৰ ৰাজধানী চহৰৰ জেএনইউত সংঘটিত হোৱা পৰিস্থিতিক লৈ এতিয়াও আতংকিত হৈ আছে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী । স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় মানৱসম্পদ মন্ত্ৰণালয় আৰু দিল্লীৰ উপ-ৰাজ্যপালৰ সৈতে এক বৈঠকত মিলিত হৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ ।
সোমবাৰে বিশ্ববিদ্যালয়খনৰ প্ৰক্টৰ ধনঞ্জয় সিঙে ছাত্ৰ-ছাত্ৰীসকলক আতংকিত হ’ব নালাগে বুলি কোৱাৰ লগতে চৌহদ এৰিব নালাগে বুলিও আহ্বান জনাইছিল । বৈঠকৰ অন্তত তেওঁ বিশ্ববিদ্যালয়ৰ পৰিস্থিত স্বাভাৱিক কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত সকলো ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰে ।
দেওবাৰে ছাত্ৰীনিবাসতো দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলোৱাৰ ফলত বহুতো ছাত্ৰী আহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে ছাত্ৰ একতা সভাৰ সভাপতি আয়েশা ঘোষ । গতিকে এনে এক পৰিস্থিতিত বৰ্তমানেও শিক্ষাৰ্থীসকলে সুৰক্ষিত অনুভৱ কৰা নাই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত ।