নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টোপনিৰ উপকাৰিতা জানিলে আচৰিত হ’ব আপুনি…

টোপনি কম হোৱা বা টোপনি নোহোৱা অথবা বাৰে বাৰে টোপনি ভাগি যোৱাৰ কাৰণে বেছি উদ্বেগ, উৎকণ্ঠা বৃদ্ধি হোৱাটো সুস্বাস্থ্যৰ লক্ষণ নহয়৷ অৱশ্যে মাজে মাজে টোপনিত ব্যাঘাত জন্মাটো একপ্রকাৰ স্বাভাৱিক৷ কিন্তু ভাল টোপনি আহিবলৈ এটা পৰিৱেশৰ প্রয়োজন৷ চিকিৎসাশাস্ত্রত ইয়াক শ্লীপ হাইজিন বুলি কোৱা হয়৷ অর্থাৎ সুন্দৰ টোপনিৰ কাৰণে কেতবোৰ স্বাস্থ্যবিধি মানি চলিব লাগে৷ দিনটোত যেতিয়াই–তেতিয়াই বিছনাত বাগৰি থকা অনুচিত৷ গোটেই দিনটো বহি বহি কটালেও ৰাতি ভাল টোপনি নাহে৷ ৰাতি চাহ, কফী, চিগাৰেট বা মদ্যপান কৰিলেও টোপনিত ব্যাঘাত জন্মিব পাৰে৷

কিয়নো এনে উপাদানবোৰে আমাৰ মস্তিষ্কটো উত্তেজিত কৰি দিয়ে৷ উজ্জ্বল পোহৰত বা ডাঙৰ শব্দ কাণেৰে শুনা পাই থাকিলে টোপনি অহাত বাধা জন্মে৷ যিকোনো শাৰীৰিক–মানসিক ব্যাধিৰ কাৰণে যিদৰে চিকিৎসাৰ প্রয়োজন, সেই একেদৰে দীর্ঘদিন ধৰি টোপনিৰ ব্যাঘাত জন্মিলে চিকিৎসকৰ পৰামর্শ লোৱা উচিত৷ যিসকলৰ টোপনিৰ অসুবিধা আছে তেওঁলোকে প্রতিদিনে পাতলীয়া ব্যায়াম, ধ্যান বা যোগাসন কৰিলে বহুখিনি সমস্যা কমি যায়৷

আনহাতে কর্তব্যৰ খাতিৰত বহু লোকে ৰাতিও অফিচত কাম কৰিব লাগে৷ তেনে লোকৰ শ্লীপ চার্কোলটোত ব্যাঘাত জন্মে বাবে টোপনিৰ সমস্যাই দেখা দিয়ে৷ অতিৰিক্ত চিন্তা–ভাবনা, দুশ্চিন্তা, অতিৰিক্ত পৰিশ্রম আদিয়েও টোপনিত ব্যাঘাত জন্মায়৷ মনত ৰাখিব যে শাৰীৰিক বা মানসিক কাৰণত একেৰাহে কেইবাদিনো টোপনিৰ ব্যাঘাত জন্মিলে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰা উচিত৷ অন্যথা কথা পাহৰি যোৱা, অন্য মনস্কতা, খিংখিঙীয়া হোৱা, হতাশা, অসংলগ্ন আচৰণ আৰু ৰক্তচাপো বৃদ্ধি পাব পাৰে৷ টোপনি ভালদৰে নাহিলে গাড়ী চলাব নালাগে৷

You might also like