নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালৰ চাহকাপ

-মনমিতা তালুকদাৰ

বর্তমান পৰিস্থিতিত চর্দি, কাহ, জ্বৰ, মূৰৰ বিষ আদি হ’লে আমি বহুতেই ভীতিগ্রস্ত হৈ পৰোঁ৷ ভয় লগাটোৱেই স্বাভাৱিক৷ কাৰণ ক’ৰোনাত আক্রান্ত প্রায় ৰোগীৰ ক্ষেত্রত এইবোৰ লক্ষণ পোৱা গৈছে৷ আমি যদি পুৱা আৰু গধূলিৰ চাহখিনি অলপ কষ্টৰে ভালকৈ ঘৰতে পোৱা কিছুমান উপকৰণেৰে বনাই পৰিৱেশন কৰোঁ, তেতিয়া কিছুদূৰ এই লক্ষণবোৰ প্রতিৰোধ কৰিবলৈ সক্ষম হ’ম৷ এই চাহখিনি বনাবলৈ আমাক লাগিব–আদা এটুকুৰা, ডালচেনি এটুকুৰা, ইলাচী ৪–৫টা মান, তুলসী পাত ৭–৮টা মান, গোটা জালুক ১০টা মান, চেনি আৰু চাহপাত নিজৰ সোৱাদ অনুযায়ী৷

প্রণালীঃ প্রথমে আদা, ডালচেনি, ইলাচী, গোটা জালুক, খুন্দনাত ভালকৈ পিচি ল’ব৷ তাৰ পিছত এটা চচপেনত ২ কাপ পানী দিব৷ এতিয়া পানীখিনিত পিচি থোৱা সামগ্রীখিনি আৰু তুলসী পাতকেইটা দি দিব৷ তাৰ পিছত নিজৰ সোৱাদ অনুযায়ী চেনি, চাহপাত দিব৷ এতিয়া ভালকৈ উতলিব দিব৷ উতলি যেতিয়া পানীখিনি ১ কাপৰ সমান হ’ব, তেতিয়া গেছ বন্ধ কৰি কাপ এটাত চেকি ল’ব আৰু পৰিৱেশন কৰিব৷ ক’ৰোনাৰ সময়ত আমাৰ দেহত ইমিউনিটী শক্তিশালী হৈ থকাটো প্রয়োজন আৰু এই চাহখিনিত দিয়া উপকৰণখিনিয়ে দেহৰ ইমিউনিটী বঢ়োৱাত বহুত সহায় কৰে৷ সেয়েহে এই সময়ছোৱাত আপোনালোক সকলোৱে পৰিয়ালৰ লগত দৈনিক এবাৰ বা দুবাৰ এনেকৈ চাহ বনাই খাবচোন৷

You might also like