দৰ্শকৰ টিকটৰ ধন ওভতাই পোৱা সন্দৰ্ভত কি ক’লে অসম ক্রিকেট সন্থাই…
নিয়মীয়া বার্তা, ৭ জানুৱাৰীঃ অসম ক্রিকেট সন্থাই দেওবাৰে নিশা বর্ষাপাৰা ষ্টেডিয়ামত ভাৰত–শ্রীলংকাৰ টি–২০ মেচখন প্রতিকূল বতৰৰ বাবে আয়োজন কৰিব নোৱাৰাত দুখ প্রকাশ কৰিছে৷
এক প্রেছ বিজ্ঞপ্তিত সভাপতি ৰমেন দত্ত আৰু সম্পাদক দেৱজিৎ শইকীয়াই কয় যে মেচ উপভোগৰ বাবে ষ্টেডিয়ামলৈ অহা দর্শকে ৪ বজাৰ পৰা নিশা ১০ বজাপর্যন্ত ধৈর্য সহকাৰে আৰু শৃংখলাবদ্ধভাৱে থাকি যি নিদর্শন দেখুৱালে সেয়া অতিকৈ আদৰণীয়৷
ইফালে মেচ পৰিত্যক্ত হোৱাৰ বাবে সকলো দর্শকলৈ টিকটৰ ধন ওভতাই দিয়াৰ কথাও ঘোষণা কৰিছে অসম ক্রিকেট সন্থাই৷
অনলাইনত টিকট ক্রয় কৰা দর্শকে বেংক একাউণ্টত অহা ১০ দিনৰ ভিতৰত টিকটৰ সম্পূর্ণ ধন ঘূৰাই পাব৷
একেদৰে যিসকল দর্শকে নগদ ধন দি টিকট সংগ্রহ কৰিছিল, তেওঁলোকে ১১ আৰু ১২ জানুৱাৰীত বর্ষাপাৰা ষ্টেডিয়ামৰ কাউণ্টাৰৰ পৰা খেলৰ টিকট জমা দি টিকটৰ মূল্য ঘূৰাই নিব পাৰিব৷