যৌতুকৰ বিৰুদ্ধে অনশনত বহিল ৰাজ্যপাল আৰিফ মহম্মদ খান
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ যৌতুক প্রথাৰ বিৰুদ্ধে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানে ৰাজভৱনত পুৱা ৮ বজাৰ পৰা দিনজোৰা অনশনত বহা ঘটনাক কেন্দ্র কৰি ব্যাপক চর্চা চলিছে৷ স্মর্তব্য যে শেহতীয়াকৈ বাঁওপন্থী চৰকাৰ থকা কেৰালাত যৌতুকজনিত কেইবাটাও হত্যাৰ ঘটনা সংঘটিত হৈছে৷ এই ঘটনাৰ প্রতিবাদ জনাই আজি অনশন কার্যসূচী গ্রহণ কৰে ৰাজ্যপালে৷ ইফালে কেৰালা চৰকাৰক আজি কঠোৰ সমালোচনা কৰিছে কংগ্রেছ আৰু বিজেপিয়ে৷