কিউবাক অস্থিৰ কৰিবলৈ বিক্ষোভ সংগঠিত কৰিছে আমেৰিকাই
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ আটলাণ্টিক দ্বীপৰাষ্ট্র কমিউনিষ্ট কিউবাত কেইবাদশকৰ পিছত প্রথমবাৰলৈ সংগঠিত বৃহৎ বিক্ষোভ সন্দর্ভত দেশখনৰ চৰকাৰে আমেৰিকাক জগৰীয়া কৰিছে৷ দেশখনত চৰকাৰবিৰোধী বিক্ষোভত আমেৰিকাই ধন যোগান ধৰাৰ উপৰি বিভিন্ন ধৰণে এই বিক্ষোভক সংগঠিত ৰূপ দিয়া বুলিও অভিযোগ কৰিছে কিউবা চৰকাৰে৷ দেশখনৰ বিদেশমন্ত্রী ব্রুন’ ৰড্রিগুৱেজৰ বক্তব্যৰ উদ্ধৃতি দি কমিউনিষ্ট পার্টীৰ মুখপত্র গ্রানমাই এক প্রতিবেদনত উল্লেখ কৰিছে যে ছ’চিয়েল মিডিয়াজুৰি দীর্ঘদিন ধৰি প্রচাৰ চলিছে কিউবাক অস্থিৰ কৰিবলৈ৷ কিউবাক অস্থিৰ কৰিবলৈ আমেৰিকাই কেইবানিযুত ডলাৰ খৰচ কৰা বুলিও অভিযোগ কৰিছে মন্ত্রীগৰাকীয়ে৷ স্মর্তব্য যে পূর্বৰে পৰা আমেৰিকাৰ সৈতে আছে কিউবাৰ শত্রুতা৷