নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ক’ৰোনা মহামাৰীৰ বাবে সমগ্র বিশ্ব সংবাদ কেন্দ্র, অসমৰ উদ্যোগত যোৱা মার্চ মাহতে অনুষ্ঠিত হ’ব লগা পঞ্চম চলচ্চিত্র নেচনেল ফিল্ম ফেষ্টিভেল অনলাইন পদ্ধতিত অহা ১০ আগষ্টৰ পৰা ১৫ আগষ্টলৈ অনুষ্ঠিত হ’ব বুলি বিশ্ব সংবাদ কেন্দ্র, অসমৰ সম্পাদক কিশোৰ শিৱমে এখন প্রেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে৷
আনহাতে, সাম্প্রতিক ক’ৰোনা মহামাৰীৰ বাবে চলচ্চিত্র প্রতিযোগিতাৰ কিছু পৰিৱর্তন অনা হৈছে৷ পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি যোগদানৰ মাচুলো কিছু পৰিমাণে কমাই দিয়া হৈছে৷ আমাৰ ঐতিহ্য আমাৰ গৌৰৱ বিষয়ৰ এই ছবি প্রতিযোগিতাত ফিল্মফ্রিৱেৰ মাধ্যমত যোগ দিব পৰা যাব বুলি আয়োজকসকলে জানিবলৈ দিছে৷ প্রতিযোগিতাত যোগদান কৰা অন্তিম দিন হ’ল ৩০ জুলাই৷ এই অনলাইন মহোৎসৱত পুৰস্কৃত ছবিবোৰ প্রদর্শন কৰাৰ লগতে কেইখনমান পুৰণি বিখ্যাত অসমীয়া ছবি আৰু চলচ্চিত্রম মহোৎসৱত পূর্বতে পুৰস্কাৰ লাভ কৰা ছবিও বিশেষভাৱে প্রদর্শন কৰা হ’ব৷
যদি পৰিৱেশ উন্নত হয়, তেনেহ’লে উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰি এখন নতুন ছবিৰ প্রিমিয়াৰ কৰা হ’ব৷ মহোৎসৱ উপলক্ষে প্রকাশ পাব লগা স্মৃতিগ্রন্থখন সম্পাদনা কৰিব মুম্বাইৰ প্রসিদ্ধ চিত্র সাংবাদিক জ্যোতি ভেংকটেশে৷