নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিল দেশমুখৰ ৪.২ কোটিৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ মহাৰাষ্ট্রৰ প্রাক্তন গৃহমন্ত্রী অনিল দেশমুখৰ ৪.২ কোটি টকা মূল্যৰ সম্পত্তি বাজেয়াপ্ত কৰিছে এনফ’চমেণ্ট সঞ্চালকালয় (ইডি)এ৷

উল্লেখণীয় যে অবৈধ ধনৰ লেনদেনৰ এক গোচৰৰ সৈতে সম্পর্ক থকা বুলি অভিযোগ কৰি দেশমুখৰ এই সম্পত্তি বাজেয়াপ্ত কৰা হৈছে৷ অৱশ্যে দেশমুখৰ উপৰি পুত্র ঋষিকেশ আৰু নেতাগৰাকীৰ পত্নীৰ নামতো আছে এই সম্পত্তিৰ সম্পর্ক৷ উল্লেখণীয় যে অবৈধ ধনৰ লেনদেন প্রতিৰোধ আইনৰ অধীনত এই সম্পদ বাজেয়াপ্ত কৰাৰ নির্দেশনা জাৰি কৰা হয়৷

স্মর্তব্য যে মহাৰাষ্ট্র আৰক্ষীৰ ১০০ কোটিৰ টকাৰ উৎকোচ তথা ধন দাবীৰ অভিযোগৰ গোচৰৰ বাবেই যোৱা এপ্রিল মাহত মন্ত্রী পদ হেৰুৱাবলগীয়া হৈছিল অনিল দেশমুখে৷ এনচিপিৰ এগৰাকী জ্যেষ্ঠ নেতা দেশমুখে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি আহিছে যদিও কেন্দ্রীয় সংস্থা ইডিয়ে নেতাগৰাকীৰ বিৰুদ্ধে তদন্ত চলাই আছে৷

You might also like