নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় জোৱাৰক লৈ কেন্দ্রৰ সকীয়নিঃ ক’ভিড পৰৱর্তী ১০০ দিন অত্যন্ত জটিল

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ দেশৰ বাবে পৰৱর্তী ১০০ৰ পৰা ১২৫ দিন অতিকে জটিল৷ আসন্ন ক’ভিড–১৯ৰ তৃতীয় জোৱাৰক লৈ দেশবাসীক সকীয়নি কেন্দ্রৰ৷ নিটি আয়োগৰ সদস্য (স্বাস্থ্য) ড০ ভি কে পলে শুকুৰবাৰে নতুন দিল্লীত এখন সংবাদ মেলত দেশৰ বাবে পৰৱর্তী ১০০ দিন অতি জটিল বুলি উল্লেখ কৰি কোনো কাৰণতেই ক’ভিড–১৯ৰ প্রট’কল অনুকৰণত আত্মতুষ্টি নকৰিবলৈ দেশবাসীক সকীয়নি দিছে৷

উল্লেখ্য যে সংবাদ মেলত নিটি আয়োগৰ সদস্যগৰাকীয়ে কয় যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ এতিয়াও অব্যাহত আছে আৰু এই জোৱাৰত সংক্রমণৰ হাৰ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে৷ তাৎপর্যপূর্ণ যে কিছুদিন পূর্বে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বই ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ প্রাৰম্ভিক পর্যায়ত থকা বুলি সকীয়নি প্রদান কৰাৰ পাছত শুকুৰবাৰে নিটি আয়োগৰ সদস্যগৰাকীয়ে ক’ভিড–১৯ প্রট’কল মানি চলিবলৈ আহ্বান জনাইছে৷

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে আসন্ন ক’ভিড–১৯ৰ তৃতীয় জোৱাৰক লৈ সকলো পদক্ষেপ গ্রহণ কৰিবলৈ ৰাজ্যসমূহৰ লগতে কেন্দ্রীয় মন্ত্রালয়সমূহক নির্দেশ দিছে৷ উনুকিয়াব পাৰি যে ডেল্টা প্রকৰণৰ দ্বাৰা সংক্রমিত হৈ আছে দেশৰ ভেকচিন লোৱা লোক৷ আই চি এম আৰৰ অধ্যয়ন মতে ডেল্টা ভেৰিয়েণ্টৰ দ্বাৰা ভেকচিন লোৱা লোক ৮৬ শতাংশ আক্রান্ত হৈছে৷ দেশৰ ১৭ ৰাজ্য মহাৰাষ্ট্র, কেৰালা, গুজৰাট, উত্তৰাখণ্ড, কর্ণাটক, মণিপুৰ, অসম, জম্মু–কাশ্মীৰ, চণ্ডীগড়, ৰাজস্থান, মধ্যপ্রদেশ, পঞ্জাব, পডুচেৰী, নতুন দিল্লী, পশ্চিমবংগ আৰু তামিলনাডুৰ পৰা নমুনা সংগ্রহ কৰাৰ পাছত ভেকচিন লোৱা লোকো ডেল্টা প্রকৰণত আক্রান্ত হোৱাটো নিশ্চিত হৈছে৷ ৮৬ শতাংশৰ ভিতৰত ৭১ শতাংশ উপসর্গ থকা আৰু বাকী ২৯ শতাংশ উপসর্গবিহীন ডেল্টা প্রকৰণত আক্রান্ত হৈছে৷

You might also like