আগষ্টৰ ভিতৰত গুৱাহাটীলৈ চলিব বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’ল
নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ দেশৰ আন ৰে’লৱে মণ্ডলৰ লগতে অসমতো পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই ৰে’লপথসমূহ বৈদ্যুতিকীকৰণৰ বাবে কাম কৰি আছে৷ উত্তৰ–পূব সীমান্ত ৰে’লৱে পৰিসেৱাই সামৰি লোৱা পশ্চিমবংগৰ বর্তমান ৰাণীনগৰ জলপাইগুৰিৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ প্রায় ৩৩৪ কিঃমিঃ দৈর্ঘ্যৰ ৰে’লপথত ২০২০–২১ বর্ষত বৈদ্যুতিকীকৰণৰ কাম ইতিমধ্যে সম্পন্ন হৈছে৷ সকলো ঠিকে থাকিলে অহা আগষ্ট মাহৰ ভিতৰত গুৱাহাটীলৈ বহিঃৰাজ্যৰ পৰা বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’ল চলাব পৰাৰ সম্ভাৱনা আছে৷– এই মন্তব্য উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক অংশুল গুপ্তাৰ৷
১৪ জুলাইত মহাপ্রবন্ধক অংশুল গুপ্তাই মুখ্য কার্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু আৰ ভি এন এলৰ প্রতিনিধিৰ সৈতে ভিডি’ কনফাৰেঞ্চত ভাগ লৈ উত্তৰ–পূব সীমান্ত ৰে’লৱেই সামৰি লোৱা অঞ্চলত চলি থকা ৰে’লৱে বৈদ্যুতিকীকৰণৰ কাম–কাজৰ পর্যালোচনা কৰি এই মন্তব্য কৰে৷ মহাপ্রবন্ধকগৰাকী কয়– নিউ গুৱাহাটীৰ পৰা ডিগাৰু হৈ জাগীৰোডলৈ ৰে’লপথ বৈদ্যুতিকীকৰণৰ কাম যুদ্ধকালীন ক্ষিপ্রতাৰে চলি আছে৷
সেই কাম অহা ছেপ্টেম্বৰ মাহৰ শেষৰফালে সম্পূর্ণ হোৱাৰ আশা আছে৷ তেনেদৰে হোজাই–লামডিং খণ্ডতো বৈদ্যুতিকীকৰণৰ কাম চলি আছে৷ সেই কাম অহা বর্ষৰ মার্চ মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷ ইফালে, ব্রহ্মপুত্রৰ দক্ষিণ পাৰত থকা যোগীঘোপা–দুধনৈ–কামপুৰ ৰে’লপথছোৱাতো যুদ্ধকালীন তৎপৰতাৰে বৈদ্যুতিকীকৰণৰ কাম চলি আছে৷ এই কামো চলিত বর্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত সম্পূর্ণ হ’ব৷ আনহাতে, বৈদ্যুতিক ইঞ্জিনযুক্ত ৰে’লৰ চলাচল আৰম্ভ হ’লে ৰাইজৰ এটা বহুদিনীয়া দাবী বা সপোন পূৰণ হোৱাৰ লগতে ৰে’ল যাতায়াত সুগম, প্রদূষণমুক্ত আৰু সময় নির্ধাৰিত যাত্রাৰ লক্ষ্য পূর্ণ হ’ব বুলি অংশুল গুপ্তাই সদৰী কৰে৷