দুর্নীতিৰ ৰম্যভূমিলৈ পর্যবসিত অসম কৃষি বিশ্ববিদ্যালয়ঃ যোগ্যতাহীন ড০ হিৰণ্য ভট্টাচার্যক মুখ্য বিজ্ঞানী নিযুক্তি–অধ্যাপকৰো দায়িত্ব
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ দুর্নীতি–নিয়মৰ ৰম্যভূমিলৈ পর্যবসিত হৈছে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়৷ বহু বিতর্কিত ড০ কমলমল্ল বুজৰবৰুৱাৰ অৱসৰৰ পাছত ৰাজ্যৰ উচ্চ শিক্ষানুষ্ঠানখন দুর্নীতিমুক্ত হ’ব বুলি ভবা হৈছিল যদিও বাস্তৱত সেয়া নহ’লগৈ৷ নৱনিযুক্ত উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকায়ো ড০ বুজৰবৰুৱাৰ পথকে অনুসৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আনকি যোগ্যতাহীন হোৱা সত্ত্বেও উপাচার্য ড০ ডেকাৰ নেতৃত্বতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ডিব্রুগড়ত থকা কৃষি বিজ্ঞান কেন্দ্রত কার্যসূচী সমন্বয়ক হিচাপে কাম কৰা ড০ হিৰণ্য কুমাৰ ভট্টাচার্যক সম্পূর্ণ নীতিবহির্ভূতভাৱে অধিষ্ঠিত কৰা হৈছে বকোৰ সমীপৱর্তী মন্দিৰাস্থিত পশুধন গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী পদত৷
অকল সেয়াই নহয়, কোনোকালে সহযোগী অধ্যাপকৰ পদত কার্যনির্বাহ নকৰা সত্ত্বেও এইজন ড০ ভট্টাচার্যকে একেকোবে অধ্যাপক পদতো নিযুক্তি দিয়া হৈছে৷ সমগ্র বিষয়টো পোহৰলৈ অহাৰ লগে লগে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– এই নিযুক্তি প্রক্রিয়া সম্পন্ন কৰাৰ সময়ত কৃষি বিশ্ববিদ্যালয় পৰিচালনা সমিতিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক অন্তর্ৱর্তীকালীন নির্দেশক সম্পূর্ণৰূপে উপেক্ষা কৰিছে৷ মন্দিৰাস্থিত পশুধন গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত অধ্যাপক পদত অবৈধভাৱে নিযুক্তিপ্রাপ্ত ড০ ভট্টাচার্যই বিগত ২০১১ চনৰ ১৯ আগষ্টত ডিব্রুগড়ৰ কৃষি বিজ্ঞান কেন্দ্রত কার্যসূচী সমন্বয়ক হিচাপে মাহিলি ৮,০০০ টকাৰ ‘গ্রেড পে’ সন্নিৱিষ্ট দৰমহা গাঁথনিৰ কার্যসূচী সমন্বয়ক পদত যোগদান কৰিছিল৷
পৰৱর্তী সময়ত ২০১৪ চনৰ ১৯ আগষ্টৰ পৰা তেওঁ ৯,০০০ টকাৰ গ্রেড পে’সহ অন্যান্য ভাট্টা আৰু মাহিলি দৰমহা পোৱাৰ যোগ্যতা অর্জন কৰে৷
মন কৰিবলগীয়া যে কৃষি বিজ্ঞান কেন্দ্রসমূহ ভাৰতীয় কৃষি গৱেষণা পৰিষদ (আই চি এ আৰ)ৰ ১০০ শতাংশ আর্থিক অনুদানত কার্যকৰী হোৱা কেন্দ্রীয় চৰকাৰৰ এখন অভিলাষী আঁচনি৷ এই কেন্দ্রসমূহত নিযুক্তি পোৱা প্রতিজন ব্যক্তিৰে চাকৰি সম্পূর্ণৰূপে অস্থায়ী আৰু আঁচনিখন বন্ধ হোৱাৰ লগে লগে কৃষি বিজ্ঞান কেন্দ্রৰ সকলো চাকৰিয়ালকে অব্যাহত দিয়া হ’ব বুলি নিযুক্তি–পত্রত স্পষ্টকৈ উল্লেখ কৰা আছে৷
তদুপৰি কৃষি বিজ্ঞান কেন্দ্রৰ কার্যসূচী সমন্বয়ক পর্যায়ৰ পদসমূহ অসম কৃষি বিশ্ববিদ্যালয়ৰ ‘শিক্ষক সেৱা বিধি–২০১৩’ৰ অন্তর্ভুক্ত সহকাৰী–সহযোগী অধ্যাপক আৰু অধ্যাপকৰ সমকক্ষ নহয়৷ এই কেন্দ্রসমূহৰ চাকৰিয়ালসকলে অসম কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষক–কর্মচাৰীসকলৰ তুলনাত অধিক হাৰত দৰমহা লাভ কৰে৷ তেওঁলোকৰ দৰমহা কেন্দ্রীয় দৰমহা আয়োগৰ প্রতিবেদনৰ ওপৰত নির্ধাৰিত হোৱাৰ পৰিৱর্তে অসম কৃষি বিশ্ববিদ্যালয়ত নিয়মীয়াকৈ নিযুক্তি লাভ কৰা শিক্ষকসকলৰ দৰমহা গাঁথনি বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদিত হাৰত পোৱাৰ ব্যৱস্থা আছে৷ গতিকে ৯,০০০ টকাৰ গ্রেড পে’ পোৱা মানেই কৃষি বিজ্ঞান কেন্দ্রৰ এজন বিজ্ঞানী অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপকৰ সমতুল্য হ’ব নোৱাৰে৷
কৃষি বিজ্ঞান কেন্দ্রসমূহত অস্থায়ীভাৱে কর্মৰত বিজ্ঞানীসকলক অসম কৃষি বিশ্ববিদ্যালয়লৈ বদলি বা সাক্ষাৎকাৰৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয় শিক্ষক সেৱা বিধি–২০১৩ৰ অধীনলৈ আনিব পাৰি নে নোৱাৰি, সেয়া এক নীতিগত কথা আৰু এনে সিদ্ধান্ত ল’বৰ বাবে অসম কৃষি বিশ্ববিদ্যালয় আইন–১৯৬৮ৰ ১১ (১) (জ) অনুযায়ী কর্তৃত্ব কেৱল বিশ্ববিদ্যালয়ৰ পৰিচালনা সমিতিৰ ওপৰতহে ন্যস্ত কৰা আছে৷ পৰিচালনা সমিতিৰ অনুমোদন সাপেক্ষে কোনো প্রচলিত আইনৰ সংশোধনী জাৰি কৰাৰ পূর্বে অসম কৃষি বিশ্ববিদ্যালয়ৰ আচার্যৰ লিখিত অনুমোদন লোৱাৰ উপৰি ৰাজ্য চৰকাৰৰ ৰাজহ–পত্রত প্রকাশ কৰাৰ পাছতহে কার্যকৰী কৰাৰ সুস্পষ্ট নির্দেশনা অসম কৃষি বিশ্ববিদ্যালয়ৰ আইনত উল্লেখ আছে৷ তৎসত্ত্বেও ড০ ভট্টাচার্যক মন্দিৰাস্থিত পশুধন গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী আৰু অধ্যাপক পদত নিযুক্তি দিয়াক লৈ স্বাভাৱিকতে সৃষ্টি হৈছে ৰহস্য৷
উত্থাপিত অভিযোগ অনুসৰি উপাচার্য হিচাপে কার্যনির্বাহ কৰি থকাৰ সময়তে ড০ বুজৰবৰুৱাই নিজৰ একান্ত অনুগত ড০ ভট্টাচার্যক নিযুক্তি দিয়াৰ চেষ্টা চলাইছিল যদিও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত সেয়া সম্ভৱ নহ’ল৷ ২০১৯ চনৰ ৩ জুলাইত অনুষ্ঠিত পৰিচালনা সমিতিৰ ২৫২ সংখ্যক বৈঠকত সভাপতিত্বত কৰি তদানীন্তন উপাচার্য ড০ বুজৰবৰুৱাই এই প্রচেষ্টা চলাইছিল৷ পিছে অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে গঠন কৰি দিয়া বাছনি সমিতিসমূহ আসোঁৱাহপূর্ণ বুলি প্রত্যাহ্বান জনাই অধ্যাপক দুলাল চন্দ্র ৰয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি) ৪৮৩৪/২০১৯ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰে৷ এই লেখ আবেদনখনৰ শুনানি গ্রহণ কৰি একেটা বর্ষৰ ২৪ জুলাইত গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা এক অন্তর্ৱর্তীকালীন নির্দেশত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপকসকলক ন্যায়ালয়ৰ অনুমতি অবিহনে নিযুক্তি দিয়াৰ পৰা বাৰণ কৰাৰ পৰিপ্রেক্ষিতত পৰিচালনা সমিতিৰ সভাই ইতিমধ্যে অনুষ্ঠিত হোৱা সাক্ষাৎকাৰৰ ফলাফলত অনুমোদন দিয়াৰ পৰা বিৰত থাকে৷
অসম কৃষি বিশ্ববিদ্যালয়ৰ আইন অনুসৰি অধ্যাপক, মুখ্য বিজ্ঞানী আদি পদসমূহৰ নিযুক্তিৰ বাবে গঠন কৰা বাছনি সমিতিত বিশ্ববিদ্যালয়ৰ বাহিৰৰ বিশেষজ্ঞকহে সদস্য হিচাপে অন্তর্ভুক্ত কৰাৰ নিয়ম থকা সত্ত্বেও নিজৰ পছন্দৰ প্রার্থীক অগ্রাধিকাৰ দিয়াৰ উদ্দেশ্যে তদানীন্তন উপাচার্য ড০ বুজৰবৰুৱাই একাংশ অসম কৃষি বিশ্ববিদ্যালয়ৰে অৱসৰপ্রাপ্ত অধ্যাপকক লৈ বাছনি সমিতিসমূহ গঠন কৰিছিল৷ বিষয়টো সেই সময়ত তাপ মাৰিছিল যদিও বাছনি সমিতি গঠনৰ বৈধতাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰা অন্তর্ৱর্তীকালীন নির্দেশনাকো উপেক্ষা কৰি নৱনিযুক্ত উপাচার্য ড০ ডেকাৰ সভাপতিত্বত যোৱা ২০ নৱেম্বৰত অনুষ্ঠিত হোৱা পৰিচালনা সমিতিৰ ২৫৪সংখ্যক সভাই যোগ্যতাহীন ড০ ভট্টাচার্যক প্রথমে মুখ্য বিজ্ঞানী আৰু তাৰ সমান্তৰালকৈ অধ্যাপক পদত নিযুক্তি দিবলৈ অনুমোদন জনায়৷
অসম কৃষি বিশ্ববিদ্যালয় শিক্ষক সেৱা বিধি–২০১৩ অনুসৰি মুখ্য বিজ্ঞানী পদত নিযুক্তি লাভৰ বাবে সহযোগী অধ্যাপক হিচাপে অতি কমেও ৫ বছৰৰ অভিজ্ঞতা থকাটো অপৰিহার্য৷ কিন্তু প্রপত্র দাখিলৰ অন্তিম দিন ২০১৯ চনৰ ২৯ জানুৱাৰীত ৯,০০০ টকা গ্রেড পে’ পোৱাৰ পাছত কেৱল চাৰি বছৰ ৫ মাহ ১০ দিনৰ অভিজ্ঞতাপুষ্ট কৃষি বিজ্ঞান কেন্দ্রৰ কার্যসূচী সমন্বয়ক ড০ ভট্টাচার্যক কিহৰ ভিত্তিত মুখ্য বিজ্ঞানী পদত নিযুক্তি দিলে, সেইটো অতি আশ্চর্যজনক ৰূপে বিবেচিত হৈছে৷ তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ প্রাক্তন পঞ্জীয়ক অর্পণ কুমাৰ শইকীয়াই যোৱা ১৮ ডিচেম্বৰত জাৰি কৰা এক নির্দেশনাৰ জৰিয়তে ড০ ভট্টাচার্যক খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পশু প্রসূতি বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি দিয়ে৷ চকু কপালত উঠা কথাটো হ’ল যে এই নির্দেশনা বলৱৎ কৰা হৈছে ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা৷
সেইদৰে ড০ ভট্টাচার্যক মন্দিৰাস্থিত পশুধন গৱেষণা কেন্দ্রৰ মুখ্য বিজ্ঞানী পদত নিযুক্তি দিয়া নির্দেশনা জাৰি কৰা হৈছিল যোৱা ৪ ডিচেম্বৰত৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত সংঘটিত এই দুর্নীতি–নিয়মৰ বিৰদ্ধে সৰৱ হৈ পৰিছে হিন্দু যুৱ–ছাত্র পৰিষদ, অসম৷ ড০ ভট্টাচার্যৰ নিযুক্তি সম্পর্কীয় দুয়োটা নির্দেশনা আইনবিৰুদ্ধ আখ্যা দি ইয়াক বাতিল কৰিবলৈ সংগঠনটোৱে দাবী উত্থাপন কৰিছে৷ লগতে এইক্ষেত্রত অসম কৃষি বিশ্ববিদ্যালয়ৰ আচার্য তথা অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কৃষিমন্ত্রী অতুল বৰাৰ হস্তক্ষেপ দাবী কৰিছে সংগঠনটোৱে৷