গুলীবিদ্ধ ৰামজিৎ চৌহানৰ বর্ণনাঃ পাহাৰত বাংকাৰ সাজি বাহৰ পাতি আছিল মিজো আৰক্ষীয়ে
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ সীমা বিবাদক কেন্দ্র কৰি কালি কাছাৰৰ লাইলাপুৰত অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই কৰা আক্রমণৰ ঘটনাক লৈ সর্বত্র সৃষ্টি হৈছে প্রতিক্রিয়াৰ৷ অসমৰ ভূমি বেদখল কৰা মিজো লোকক উচ্ছেদৰ বাবে যোৱা অসম আৰক্ষীৰ দলটোক অতর্কিতে আক্রমণ কৰা হৈছিল৷ যাৰ পৰিপ্রেক্ষিতত থিতাতে নিহত হৈছিল পাঁচজন আৰক্ষী৷ কিন্তু কেনেদৰে চলিছিল অসম আৰক্ষীৰ ওপৰত এই আক্রমণ? এই সমগ্র ঘটনাৰ শিহৰণকাৰী বর্ণনা আগবঢ়াইছে সোমবাৰে মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তৰ আক্রমণত আহত হোৱা জোৱান ৰামজিৎ চৌহানে৷
সম্প্রতি শিলচৰ মেডিকেল কলেজ হাস্পতালত বুকুত গুলী লগাৰ ফলত চিকিৎসাধীন হৈ থকা চৌহানে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি পূর্বৰে পৰা লাইলাপুৰৰ উক্ত অঞ্চলত বাংকাৰ স্থাপন কৰি বাহৰ পাতি আছিল মিজোৰাম আৰক্ষীয়ে৷ এই প্রসংগত তেওঁ কয়– ‘অসমৰ মাটি মিজোৱে বেদখল কৰাৰ বাতৰি লাভ কৰাৰ পিছত আমি সীমালৈ গৈছিলোঁ৷ আইজিপিৰ নেতৃত্বত আমি গৈ অসমৰ ভূমিত বেদখল কৰা মিজোক আঁতৰাই পঠিয়াইছিলোঁ৷ আমি তেওঁলোকক কৈছিলোঁ যে এয়া অসমৰ ভূমি, আপোনালোক নাহিব৷ আমি মিজো লোকসকলক কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰা নাছিলোঁ৷ কাৰণ আমাৰ ধাৰণা আছিল তেওঁলোকে আমাক কেতিয়াও আক্রমণ নকৰে৷ কিয়নো অসম আৰু মিজোৰাম একে মাতৃৰ সন্তান৷ এসময়ত তেওঁলোক আমাৰ পৰা ফালৰি কাটিহে গৈছিল৷ কিন্তু তেওঁলোকে হঠাৎ আমাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবর্ষণ কৰিছিল৷ পূর্বৰে পৰা পাহাৰত বাংকাৰ স্থাপন কৰি মিজো আৰক্ষীয়ে দূৰবীক্ষণৰ সহায়ত আমাৰ গতি–বিধি লক্ষ্য কৰি আছিল৷ অতর্কিতে ধাৰাসাৰ আৰু নির্বিচাৰ গুলীচালনাৰ ফলত আমি প্রত্যুত্তৰেই দিম নে অৱস্থান ল’ম, তাক লৈ দোধোৰ–মোধোৰত পৰিছিলোঁ৷ মোৰ বুকুত গুলী লাগিছিল৷ কাৰোবাৰ ভৰিত লাগিছে, কাৰোবাৰ হাতত লাগিছে৷’
ইফালে উপায়ুক্তৰ বাহনো তেওঁলোকে আক্রমণ কৰি ভাঙি পেলাইছিল৷ এই আক্রমণৰ সময়ত ঘটনাস্থলীত অসম আৰক্ষীৰ অতিকমেও ২০০ জোৱান আছিল বুলি তেওঁ সদৰী কৰিছে৷ সেই সময়ত আৰক্ষীৰ সৈতে ঘটনাস্থলীত বহুসংখ্যক স্থানীয় লোকো উপস্থিত আছিল৷ ইফালে ৮টা গুলী লগাৰ ফলত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছটফটাই আছে কোকৰাঝাৰৰ কনিষ্টবল শিৱচৰণ নার্জাৰীয়ে৷ দুপৰীয়া পর্যন্ত তেওঁৰ শৰীৰৰ পৰা ৪টা গুলীহে চিকিৎসকে উলিয়াবলৈ সক্ষম হৈছে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷
আন চাৰিটা গুলী এতিয়াও তেওঁৰ শৰীৰতেই আছিল৷ একেদৰে হাতত গুলী লাগিছে কৰিমগঞ্জৰ বাসিন্দা কনিষ্টবল বিজিত দাসৰ৷ সম্প্রতি এইসকল গুলীবিদ্ধ আৰক্ষী জোৱানৰ চিকিৎসা শিলচৰ মেডিকেল কলেজ হাস্পতালত অব্যাহত আছে৷ অধিকসংখ্যক আহত কনিষ্টবল আৰু আন স্থানীয় লোক বিপদমুক্ত বুলি জানিব পৰা গৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ তিনিগৰাকী বিশেষজ্ঞ চিকিৎসকক এই লোকসকলৰ চিকিৎসাৰ বাবে শিলচৰলৈ নিয়া হৈছে বুলি জানিব পৰা গৈছে৷