নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ কলিয়াবৰ মহকুমাৰ চুলুং আৰক্ষী চকীৰ অন্তর্গত চাৰি নং বৰঘুলিত যোৱানিশা এগৰাকী যুৱতীক ভণ্ড প্রেমিকে তিনি সহযোগীৰ সহায়ত ধর্ষণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে প্রতাৰক প্রেমিক ইক্রামুল হক (২২), তিনি সহযোগী ক্রমে মাইনুল হক, ইজাজুল ইছলাম আৰু চুৰজ আলীক৷ কলিয়াবৰ আৰক্ষী থানাৰ অন্তর্গত দলগাঁও বামুণভেটি গাঁৱৰ পিতৃহাৰা ২০ বছৰীয়া যুৱতীগৰাকীৰ সৈতে ম’বাইল ফোনেৰে পৰিচয় হয় তিনি নম্বৰ বৰঘুলিৰ ইক্রামুল হকৰ৷ পিছলৈ দুয়োৰে প্রেমৰ সম্পর্ক গঢ়ি উঠে৷
অসৎ অভিসন্ধি মনত পুহি ৰখা ইক্রামুলে যোৱানিশা প্রায় ৭.৩০ বজাত প্রেমিকাক বৰঘুলিলৈ মাতি পঠিয়ায়৷ যদিহে প্রেমিকা আহিবলৈ মান্তি নহয়, তেন্তে আত্মহত্যা কৰিব বুলি ইক্রামুলে ভাবুকি প্রদান কৰে৷ প্রেমিক ইক্রামুলে তিনিজন সহযোগীৰে এ এছ ০২ এ চি ৩০৩১ নম্বৰৰ এখন অট’ টেম্পুৰে প্রেমিকাগৰাকীক চাৰি নং বৰঘুলিৰ আত্মীয়ৰ ঘৰলৈ লৈ আনে৷ আত্মীয়ৰ ঘৰত বহু সময় ধৰি কথোপকথন হোৱাৰ পিছত নিশা প্রায় ১১.৩০ বজাত বাৰীৰ পিছফাললৈ নি পথাৰৰ মাজত ইক্রামুলে প্রেমিকাগৰাকীক ধর্ষণ কৰে৷ ইয়াৰ পিছতে ইক্রামুলে সহযোগী তিনিজনৰ সৈতে পলায়ন কৰে৷ ধর্ষিতাগৰাকীৰ চিঞৰ–বাখৰ শুনি ঘটনাস্থলীত দাঁতিকাষৰীয়া লোক উপস্থিত হয়৷ ৰাইজে আৰক্ষীক খবৰ দিয়ে৷ চুলুং আৰক্ষীয়ে আজি প্রতাৰক প্রেমিক ইক্রামুল হকৰ লগতে তিনি সহযোগী ক্রমে মাইনুল হক, ইজাজুল ইছলাম আৰু চুৰজ আলীক গ্রেপ্তাৰ কৰে৷