নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিতাভৰ ঘৰৰ সন্মুখত বাংলো ক্রয়ৰ চর্ত ৰাখিছিল ৰাজৰ ওচৰত শিল্পাই

নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ বলীউডৰ অভিনেত্রী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্রা অশ্লীল ছবি নির্মাণ তথা বিভিন্ন এপযোগে মুকলি কৰাৰ গোচৰত কাৰাগাৰলৈ যাবলগীয়া হোৱাৰ পিছৰে পৰা এই দম্পতীৰ বিভিন্ন কাহিনী পোহৰলৈ আহি আছে৷ শেহতীয়াকৈ ৰাজৰ এক পুৰণি সাক্ষাৎকাৰে পুনৰ চর্চা লাভ কৰিছে সংবাদ মাধ্যমত৷ অমিতাভ বচ্চনৰ বাসভৱনৰ সন্মুখত বাংলো ক্রয় কৰিলেহে শিল্পাই ৰাজৰ সৈতে বিয়াত বহিব বুলি চর্ত ৰাখিছিল৷ হয়তো এই চর্ত মানিবলৈ গৈয়ে ৰাজ কুন্দ্রাই অবৈধভাৱে ধন সংগ্রহৰ চিন্তা–চর্চা চলাইছিল৷ শেহতীয়াকৈ চর্চা চলিছে যে ৰাজ কুন্দ্রাৰ আজিৰ পৰিণতিৰ বাবে জগৰীয়া শিল্পা চেট্টী৷

You might also like