নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি কৰ্তব্যত অনুপস্থিত কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব ৰাজ্য চৰকাৰে

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ কেন্দ্রীয় চৰকাৰৰ শ্রমিক–কৃষকবিৰোধী নীতি তথা জনবিৰোধী বিপজ্জনক আর্থিক নীতিসমূহৰ প্রতিবাদত আজি পুৱা ৬ বজাৰ পৰা ৯ জানুৱাৰীৰ পুৱা ৬ বজালৈ ৰাষ্ট্রজোৰা সাধাৰণ ধর্মঘট তথা চকা বন্ধৰ কার্যসূচী ৰূপায়ণ কৰিছে কেন্দ্রীয় ট্রেড ইউনিয়নৰ সন্মিলিত মঞ্চই৷

পিচে এই বন্ধৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰে কেন্দ্রীয় কর্মচাৰীসকলক এই সমযছোৱাত কার্যালয়ত উপস্থিত থাকিবলৈ নির্দেশ দিছে ৷

আজি কর্তব্যত অনুপস্থিত থকা কর্মচাৰীৰ দৰমহা কর্তনকে ধৰি শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰিব ৷

বেংককে ধৰি সকলো ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানক ৮ জানুৱাৰীত কোনো কর্মচাৰীকে নৈমিত্তিক ছুটী মঞ্জুৰ নকৰিবলৈ সকীয়াই দি কেন্দ্রই কয় যে ইয়াৰ অন্যথা উচ্চতম ন্যায়ালয়ৰ পূর্বৰ নির্দেশৰ ভিত্তিত চৰকাৰে নিয়ম ভংগ কৰা যিকোনো কর্মচাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব পাৰিব৷

You might also like