নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক জীৱন্ত দলিল: সংবাদ লহৰ

-ৰাজেশ কুমাৰ নন্দী

এখন সমাজক আগবঢ়াই নিবলৈ বিভিন্ন মাধ্যম, বিভিন্ন আহিলাৰ প্রয়োজন হয়৷ যিবোৰে সমাজখনক সুন্দৰভাৱে, সুস্থভাৱে আৰু সাৱলীলভাৱে আগবঢ়াই নিয়ে৷ তেনে মাধ্যমসমূহৰ ভিতৰত এটা অন্যতম মাধ্যম হৈছে গণতন্ত্রৰ চতুর্থ স্তম্ভ সংবাদ জগত বা সংবাদ মাধ্যম৷ বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ বিস্তাৰিত এই সংবাদ মাধ্যমে একো একোখন সমাজক উন্নতিৰ চৰম শিখৰত আৰোহণ কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ খবৰৰ পাতে পাতে সাংবাদিকৰ কলমে দেখুৱাই দিয়ে সমাজত চলি থকা নানা দোষ–ত্রুটিবোৰ, উজলাই তোলে সুপ্ত প্রতিভাবোৰক, আহ্বান জনায় ৰোগাক্রান্তৰ সহায়ৰ বাবে, চিহ্ণিত কৰে অপৰাধীবোৰক৷ এনে শত–সহস্র বাতৰি সমাজৰ পৰা সংগ্রহ কৰি তাক কাকত/টেলিভিছনৰ মাধ্যমেৰে ৰাজ্যবাসী/দেশবাসীৰ ওচৰত উপস্থাপন কৰি সংবাদাতাসকলে সমাজখনক প্রদান কৰে এক নতুন মাত্রা৷
তেনে এজন সৎ সাহসী, নির্ভীক সাংবাদিক ৰহাৰ চয়েল খেতান৷ হিন্দী কাকত ‘দৈনিক পূর্বোদয়’ৰ সাংবাদিক চয়েল খেতানে বিগত প্রায় ষোল্ল (১৬) ছৰে ৰহা আৰু চাপৰমুখ অঞ্চলৰ পৰা প্রতিটো দিনে বিভিন্ন খবৰ সংগ্রহ কৰি উপৰিউক্ত কাকতখনত প্রকাশ কৰি আহিছে৷ মাৰোৱাৰী সম্প্রদায়ৰ সন্তান চয়েল খেতান পেছাত এগৰাকী ৱসায়ী হৈও সাংবাদিকতা অতি নিপুণভাৱে কৰি আহিছে৷ ৰহাৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ লগতো এইগৰাকী সুদক্ষ সাংবাদিক ওতপ্রোতভাৱে জডিত৷ ৰহা সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক, শিশুসকলৰ শাৰীৰিক, মানসিক উৎকর্ষ সাধনৰ উদ্দেশ্যে প্রতিষ্ঠিত তিক্রমধর্মী শিশু অনুষ্ঠান ‘অকণিৰ কবিতা ঘৰ, অসম’ কেন্দ্রীয় সমিতি ৰহাৰ প্রচাৰ সম্পাদক, ৰহাৰ বিভিন্ন বিহু অনুষ্ঠান, পূজা সমিতিৰ প্রচাৰৰ দায়িত্বত থকা যুৱ সাংবাদিকগৰাকী ‘হালধীয়া সাংবাদিকতা’ৰ পৰা সম্পূর্ণৰূপে মুক্ত৷ সাংবাদিকতাকে জীৱনৰ মূলমন্ত্র হিচাপে গ্রহণ কৰা চয়েল খেতানে ১৬ বছৰীয়া সাংবাদিকতাৰ জীৱনত ৰহা–চাপৰমুখ অঞ্চলৰ যিমানবোৰ াতৰি পৰিৱেশন কৰিছে, তাৰে কিয়দংশ বাতৰি একত্রিত কৰি ‘সংবাদ লহৰ’ নামেৰে এখন গ্রন্থ প্রস্তুত কৰি উলিয়ায়৷
বিগত ২০১৯ চনৰ জানুৱাৰী মাহত ‘অকণিৰ কবিতা ঘৰ, অসম’ৰ ৰূপালী জয়ন্তীৰ সামৰণী অনুষ্ঠানত নিজৰে প্রথমখন বাতৰিসম্বলিত গ্রন্থ ‘সংবাদ লহৰ’ নামেৰে প্রকাশ কৰি উন্মোচন কৰে৷ সংবাদ জগতৰ ইতিহাসত বাতৰিসম্বলিত গ্রন্থ পূর্বে আছে নে নাই এই লেখক অৱগত নহয় যদিও যুৱ সাংবাদিক চয়েল খেতানৰ এই ব্যতিক্রমী প্রচেষ্টাক প্রশংসা কৰিবই লাগিব৷ সংবাদ লহৰ গ্রন্থখন ৰহা–চাপৰমুখ অঞ্চলৰ বাবে এখন জীৱন্ত দলিল স্বৰূপ বুলি আমি ভাবোঁ৷ যদিও গ্রন্থখন হিন্দীত ছপা কৰা, তথাপি তমান শিক্ষিত সমাজত হিন্দী পঢ়িব জনা আৰু ক’ব জনা লোকৰ অভাৱ নিশ্চয় নহয়, গতিকে সংবাদ লহৰ গ্রন্থখন সকলোৰে বাবে গ্রহণযোগ্য হ’ব পাৰে৷ গ্রন্থখনৰ ভিতৰৰ পৃষ্ঠাসমূহ চালে পোৱা যায় বিভিন্ন সময়ৰ বিভিন্ন ঘটনা–পৰিঘটনা, অনুষ্ঠান–প্রতিষ্ঠান,ক্তি বিশেষ পৰিচয়, আর্তজনৰ বাবে সহায়ৰ আহ্বান ইত্যাদি নানা ৰঙী বা–বাতৰিৰে পৰিপূর্ণ৷ যেনে– ৬০ ছৰীয়া ব্যয়োজ্যেষ্ঠ ব্যক্তি ৰঙাই দাসৰ জীৱন সংগ্রামৰ বিষয়ে লিখা লেখাটোৱে প্রতিজন পাঠকৰ হূদয় চুই যায়৷ কিদৰে এই য়সতো ৰঙাই দাসে কাহিলি পুৱাতে এখন চাইকেল লৈ ঘৰে ঘৰে বাতৰিকাকত দিয়ে, তাক অতি সাৱলীলভাৱে দাঙি ধৰিছে যুৱ সাংবাদিক চয়েল খেতানৰ লেখাত৷ ব্রেইন টিউমাৰত আক্রান্ত এটি শিশুৰ পিতৃয়ে সহায়ৰ াবে কৰা কাতৰ অনুৰোধ, অকণিৰ কবিতা ঘৰ, অসমৰ সৰু–বৰ প্রতিটো অনুষ্ঠানৰ বা–বাতৰি তথা অন্যান্য অসংখ্য বাতৰিৰে সমৃদ্ধ সংবাদ লহৰ৷ এক কথাত সংবাদ লহৰ গ্রন্থখন ৰহা–চাপৰমুখ অঞ্চলবাসীৰ বাবে এখন দাপোণ স্বৰূপ৷
সাম্প্রতিক সময়ত এজন যুৱ সাংবাদিকৰ এনে মহৎ প্রচেষ্টাক আদৰণি জনাবই লাগিব৷ ইতিমধ্যে আমি অৱগত হৈছোঁ যে যুৱ সাংবাদিক  চয়েল খেতানে তেখেতৰ আন কিছু বাতৰি একত্রিত কৰি ‘সংবাদ লহৰ’ৰ দ্বিতীয় খণ্ড প্রকাশৰ যো–জা চলাই আছে৷ তাৰ বাবে আমাৰ আন্তৰিক শুভ কামনা জনালোঁ সাংবাদিকগৰাকীলৈ৷ পাঠকৰ জ্ঞাতার্থে জনাওঁ যে, সংবাদ লহৰ গ্রন্থখনৰ মূল্য মাত্র ৫০ টকা৷

You might also like