নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা সপ্তাহত ক’ভিড মহামাৰীত বিশ্বজুৰি ৬৯ সহস্রাধিক লোকৰ প্রাণহানি, সংক্রমিত ৩৮ লাখ

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ বিশ্বত ক’ভিড মহামাৰীয়ে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই শেহতীয়াকৈ প্রতিবেদনত সদৰী কৰিছে এই তথ্য৷ ১৯ৰ পৰা ২৫ জুলাইলৈকে সমগ্র বিশ্বজুৰি ক’ভিড–১৯ত ৬৯ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে৷ এয়া এক আশংকাজনক বার্তা বুলি অভিহিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ সপ্তাহটোত পূর্বৰ তুলনাত ২১ শতাংশ অধিক লোকৰ মৃত্যু হৈছে৷ নতুনকৈ মৃত্যু হোৱা গৰিষ্ঠসংখ্যক লোক হৈছে আমেৰিকা আৰু দক্ষিণ–পূব এছিয়া অঞ্চলৰ৷ বিশ্ব স্বাস্থ্য সংস্থাই সদৰী কৰা অনুসৰি সপ্তাহটোত সমগ্র পৃথিৱীত ক’ভিড–১৯ মহামাৰীত নতুনকৈ আক্রান্ত হৈছে ৩৮ লাখ লোক৷

অর্থাৎ মহামাৰীত আক্রান্ত লোকৰ সংখ্যা আভাৱনীয়ভাৱে বৃদ্ধি পাইছে৷ সংস্থাটোৰ প্রতিবেদনত এই সতর্কবাণী কৰা হৈছে যে ক’ভিড মহামাৰীয়ে এনেদৰে পৃথিৱীজুৰি বিস্তাৰ ঘটালে ভৱিষ্যতে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব৷ বিভিন্ন দেশত ক’ভিড প্রট’কল শিথিল কৰি দিয়া হৈছে৷ মহামাৰী প্রতিৰোধৰ ক্ষেত্রত থকা নিষেধাজ্ঞা উঠাই দিয়া হৈছে৷ এই কার্যৰ ফলত মহামাৰীয়ে পুনৰ পৃথিৱীত সংহাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি সতর্কবাণী কৰিছে সংস্থাটোৱে৷

You might also like