উত্তৰ–পূবৰ বিকাশ আৰু সংঘাত
কোনো এক নির্দিষ্ট ভূ–খণ্ডত সংঘাত আৰু বিকাশ একেলগে কেতিয়াও সম্ভৱ নহয়৷ নির্দিষ্ট ভূ–খণ্ড তথা সমাজ এখনত সংঘাত আৰু বিকাশে সমান্তৰালভাৱে আগবাঢ়িব নোৱাৰে৷ শেহতীয়াকৈ অসম–মিজোৰামৰ সীমান্ত সংঘাতে সংঘর্ষৰ ৰূপ ধাৰণ কৰাৰ পাছত উত্তৰ–পূর্বাঞ্চলৰ সামগ্রিক বিকাশৰ বিষয়টো অতিকৈ গুৰুত্বপূর্ণ হৈ পৰিছে৷ উত্তৰ–পূর্বাঞ্চলৰ ভৌগোলিক অৱস্থিতিয়ে সাতখন ৰাজ্যৰ বিকাশৰ ক্ষেত্রত হাতত হাত ধৰি আগবাঢ়ি যোৱাৰ নীতিহে ফলপ্রসূ বুলি ইতিমধ্যে প্রমাণিত হৈছে৷ ভাৰতবর্ষৰ সৈতে ‘চিকেন নেক’ৰে সংলগ্ণ উত্তৰ–পূর্বাঞ্চলৰ বাবে অসম দুৱাৰমুখ স্বৰূপ৷ সেইবাবেই এই অঞ্চলটোৰ প্রতিখন ৰাজ্যৰ বিকাশৰ ক্ষেত্রত অসমৰ সৈতে সু–সম্পর্কৰ বিষয়টো জড়িত হৈ আছে৷ দেশৰ মূল ভূ–খণ্ডৰ সৈতে উত্তৰ–পূবৰ প্রতিখন ৰাজ্যৰ যোগাযোগ একমাত্র অসমৰ মাজেৰেহে সম্ভৱ৷ এসময়ত বৰ অসমৰূপে চিহ্ণিত উত্তৰ–পূর্বাঞ্চলৰ সাতখন ৰাজ্যৰ অসমৰ সৈতে দীর্ঘদিনীয়া এক সীমা সমস্যা অব্যাহত আছে৷ উত্তৰ–পূর্বাঞ্চলৰ নতুন ৰাজ্য গঠনৰ সময়ৰ পৰাই এই সমস্যা আজিকোপতি জীৱন্ত হৈ আছে৷ অসমৰ সৈতে মেঘালয়, নাগালেণ্ড, অৰুণাচল প্রদেশ, মিজোৰাম আদি ৰাজ্যৰ সীমা সমস্যাৰ বিবাদ কোনোবা পর্যায়ত যদি উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে, দুই–এক ৰাজ্যৰ সৈতে থকা সীমা সমস্যা কেন্দ্রীয় চৰকাৰৰ বিবেচনাধীন হৈ আছে৷ এই সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট ৰাজ্যসমূহৰ সৈতে প্রশাসনিক তথা বিষয়া পর্যায়ত বিভিন্ন আলোচনা অব্যাহত থকাৰ সময়তে এতিয়া ইয়াক লৈ অসম–মিজোৰাম সীমান্তত সংঘর্ষময় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছত এই সমস্যাসমূহৰ জৰুৰী স্থায়ী সমাধান সকলোৱে কামনা কৰিছে৷ উল্লেখ্য যে দশক দশকজুৰি উগ্রপন্থী সমস্যাৰে জর্জৰ হৈ থকা উত্তৰ–পূর্বাঞ্চলত শেহতীয়াকৈ বিভিন্ন উগ্রপন্থী সংগঠন মূলসুঁতিলৈ ঘূৰি অহাৰ পাছত এক শান্তিৰ পৰিৱেশৰ আৰম্ভণি ঘটিছিল৷ ইতিমধ্যে উত্তৰ–পূর্বাঞ্চলৰ উগ্রপন্থী সংগঠনসমূহে হত্যা–হিংসাৰ জৰিয়তে সমস্যাৰ সমাধান নহয় বুলি উপলব্ধি কৰাৰ পাছত অঞ্চলটোৰ স্থায়ী শান্তিৰ বিষয়টোৱে নতুন গতি লাভ কৰিছে৷
অশান্তজর্জৰ উত্তৰ–পূবৰ শান্তিৰ পৰিৱেশে অঞ্চলটোৰ সামগ্রিক বিকাশৰ ধাৰাটোক এক নতুন গতি দিবলৈ সক্ষম হৈছে৷ কেন্দ্রত নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ ক্ষমতালৈ অহাৰ পাছতে উত্তৰ–পূর্বাঞ্চলক অষ্টলক্ষ্মী বুলি ঘোষণা কৰি বিকাশৰ এক নতুন যাত্রা আৰম্ভ কৰিছিল প্রধানমন্ত্রীগৰাকীয়্৷ ইতিমধ্যে এই অঞ্চলটোৰ পথ আৰু ৰে’ল যোগাযোগকে ধৰি যাতায়াতৰ নতুন পৰিক্রমা আৰম্ভ হোৱাৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ চিত্রখনৰো লাহে লাহে পৰিৱর্তন আৰম্ভ হৈছিল৷ ফলস্বৰূপে ক’ভিডসৃষ্ট পৰিস্থিতিৰ পূর্বে উত্তৰ–পূর্বাঞ্চলত বিনিয়োগৰ এক ইতিবাচক পৰিৱেশ ৰচনা হৈছিল৷ অর্থনৈতিক বিনিয়োগৰ বাবে যিকোনো ভূ–খণ্ডৰে সংঘাতবর্জিত শান্তিৰ পৰিৱেশ অতিকৈ জৰুৰী৷ এনে অৱস্থাতে এতিয়া অসম–মিজোৰামৰ সীমা সমস্যাক কেন্দ্র কৰি সৃষ্টি হোৱা সংঘর্ষময় পৰিস্থিতিয়ে বিভিন্ন প্রশ্ণৰ অৱতাৰণা কৰিছে৷ সীমা সমস্যা দুখন ৰাজ্যৰ মাজৰ ভিতৰুৱা সমস্যা৷ এনে সমস্যাক লৈ যদি কোনো ৰাজ্যই অসহিষ্ণু মনোভাব প্রদর্শন কৰে, সেয়া দুয়োখন ৰাজ্যৰ বাবে হৈ পৰিব পাৰে অতিকৈ দুর্ভাগ্যজনক পৰিঘটনা৷ এনে অসহিষ্ণু মনোভাবে সমস্যাৰ সমাধান কৰাৰ বিপৰীতে এনে সমস্যাৰ জটিলতাহে বৃদ্ধি কৰে৷ তাৰ উপৰি সীমা সমস্যাক লৈয়েই দুখন ৰাজ্যৰ সাধাৰণ জনতাৰ মাজতো উদ্ভৱ হয় বিভেদৰ বীজ৷ এনে বিভেদ বিকাশমুখী অঞ্চল এটাৰ বাবে কেতিয়াও ইতিবাচক হ’ব নোৱাৰে৷ উত্তৰ–পূর্বাঞ্চলৰ সাতখন ৰাজ্যই ইখনে সিখনৰ সহযোগিতাৰে বিকাশৰ পথত আগবাঢ়িব লাগিব৷ পাৰস্পৰিক সংঘাতে এনে বিকাশৰ পথ ৰুদ্ধ কৰাটো নিশ্চিত৷ সহনশীল মনোভাব নহ’লে দুখন ৰাজ্যৰ মাজত সৌহার্দ্যপূর্ণ সম্পর্ক কেতিয়াও বাহাল নাথাকে৷ অসম–মিজোৰাম সীমা বিবাদক কেন্দ্র কৰি সৃষ্টি হোৱা সংঘর্ষময় পৰিস্থিতিৰ পাছত এই বিষয়সমূহ এতিয়া অঞ্চলটোৰ প্রতিজন সচেতন নাগৰিক আৰু সংশ্লিষ্ট চৰকাৰ তথা ৰাজনৈতিক নেতৃত্বই নতুনকৈ ভাবি চোৱাৰ সময় আহি পৰিছে৷ ইয়াৰ অন্যথা এনে সংঘাতে অঞ্চলটোৰ বিকাশৰ নতুন গতিধাৰা বিঘ্ণিত কৰাটো নিশ্চিত৷