নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনএছ’ৰ কার্যালয়ত তদন্ত ইজৰাইলৰ

নিয়মীয়া বাৰ্তা ৩১ জুলাইঃ ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ ফোন টেপিঙক লৈ বিশ্বজুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে এই পেগাছাছ ছফ্টৱেৰৰ মূল প্রযুক্তি প্রতিষ্ঠান এন এছ অ’ৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ইজৰাইল চৰকাৰে৷ ৰাজনীতিক, মানৱাধিকাৰ কর্মী আৰু সাংবাদিকৰ ফোন টেপিঙৰ উপৰি বিভিন্ন তথ্য চুৰি কৰিবলৈ কেইবাখনো দেশৰ চৰকাৰে এনএছ’ৰ ছফ্টৱেৰ পেগাছাছ ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছৰে পৰা ইজৰাইল চৰকাৰৰ ভূমিকাক লৈও বিভিন্ন মহলে প্রশ্ণৰ অৱতাৰণা কৰিছিল৷ লগে লগে ইজৰাইলে এনএছ’ৰ বিৰুদ্ধে তদন্ত চলোৱা হ’ব বুলি ঘোষণা কৰিছিল৷ চাইবাৰ ছিকিউৰিটী কোম্পানী হিচাপে পৰিচিত এনএছ’ৰ আজি কেইবাটাও কার্যালয়ত ইজৰাইলৰ নিৰীক্ষণ সংস্থাসমূহে তদন্ত চলায়৷

উল্লেখনীয় যে বুধবাৰৰ পৰাই ধাৰাবাহিকভাৱে এই তদন্ত চলাই থকা হৈছে যদিও আজি কোম্পানীটোৰ বেছিভাগ কার্যালয়তে ইজৰাইলী সংস্থাসমূহৰ বিষয়ববীয়াসকলে তদন্ত আৰম্ভ কৰে৷ দেশখনৰ প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্র এগৰাকীয়ে সদৰী কৰিছে এই তথ্য৷ অৱশ্যে মুখপাত্রগৰাকীয়ে এই মুহূর্তত তদন্ত প্রক্রিয়াত লাভ কৰা তথ্য সদৰী কৰিব পৰাটো সম্ভৱ নহয় বুলি ঘোষণা কৰিছে৷ স্থানীয় সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি এনএছ’ৰ কার্যালয়ত প্রতিৰক্ষা মন্ত্রালয়ৰ এক্সপ’ট কণ্ড্র’ল ডিভিজনৰ জ্যেষ্ঠ বিষয়ববীয়াসকল উপস্থিত হয়৷ সেইদৰে ৰাষ্ট্রীয় নিৰাপত্তা পৰিষদৰ বিশেষজ্ঞসকলেও এনএছ’ৰ কার্যালয়ত তদন্ত চলায়৷ প্রতিৰক্ষা মন্ত্রালয়ে উল্লেখ কৰা অনুসৰি এনএছ’ৰ বিৰুদ্ধে লাভ কৰা সকলো তথ্য বিশ্ববাসীৰ সন্মুখত সদৰী কৰা হ’ব৷

You might also like