নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ভীক হৈ মুক্ত মনে খেলিছিলোঁঃ লাভলীনা

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ টকিঅ’ অলিম্পিকৰ ছেমিফাইনেলত প্রৱেশ কৰি ইতিহাস ৰচা অসম কন্যা লাভলীনা বৰগোহাঁয়ে দেশলৈ স্বর্ণ পদক কঢ়িয়াই অনাৰ লক্ষ্য লৈছে৷ শুকুৰবাৰে কোৱার্টাৰ ফাইনেলত বিশ্বৰ প্রাক্তন চেম্পিয়ন চাইনীজ টাইপেইৰ তাৰকা নীয়েন–চিন চেনৰ বিৰুদ্ধে চমকপ্রদ প্রদর্শনেৰে দেশবাসীৰ মন জয় কৰা অসমৰ উদীয়মান বক্সাৰগৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা অনলাইন বার্তালাপত কয় যে মেচখনৰ বাবে তেওঁ কোনো বিশেষ ৰণনীতি তৈয়াৰ কৰা নাছিল, মাথোঁ নির্ভীক হৈ মুক্ত মনেৰে খেলিব বিচাৰিছিল৷ ‘চাইনীজ টাইপেইৰ প্রতিদ্বন্দ্বীগৰাকীয়ে মোক চাৰিবাৰ পৰাস্ত কৰিছিল৷ গতিকে তেওঁৰ সকলো সক্ষমতাৰ কথা মই ভালকৈ জানিছিলোঁ৷ সেয়ে তেওঁৰ বিৰুদ্ধে নির্ভীক হৈ খেলিব বিচাৰিছিলোঁ আৰু পূর্বৰ পৰাজয়ৰ পোটক তোলাৰ লক্ষ্যৰে ৰিঙত নামিছিলোঁ৷ মই কোনো চাপ নোহোৱাকৈ শুকুৰবাৰে মেচত অংশ লৈছিলোঁ৷ ইয়ে মোৰ আত্মবিশ্বাস আৰু শক্তি বৃদ্ধি কৰিছিল৷’– ২৩ বছৰীয়া লাভলীনাই সংবাদ মেলত এইদৰে কয়৷

বিজেন্দৰ সিং আৰু এম চি মেৰী কমৰ পিছত ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ হিচাপে অলিম্পিকৰ মঞ্চত পদক জয় কৰা প্রতিভাৱান বক্সাৰগৰাকীয়ে কয় যে তেওঁ ফাইনেলত জয়ৰ পিছতহে সকলোকে ধন্যবাদ জনাব৷ স্বর্ণ পদকহে অলিম্পিকৰ প্রকৃত সাফল্য বুলিও লাভলীনাই উল্লেখ কৰে৷

ইফালে, অহা ৪ আগষ্টত তুর্কীৰ প্রাক্তন বিশ্ব চেম্পিয়ন বাছেনাজ ছার্মেনেলীৰ বিৰুদ্ধে খেলিবলগীয়া ছেমিফাইনেল সন্দর্ভত দৃঢ়মনা বক্সাৰগৰাকীয়ে কয় যে এই চাৰি দিনৰ ভিতৰত তেওঁ প্রতিদ্বন্দ্বীগৰাকীৰ ভিডিঅ’ প্রত্যক্ষ কৰি সেই অনুসৰি সাজু হ’ব৷

মন কৰিবলগীয়া যে শুকুৰবাৰে কোৱার্টাৰ ফাইনেলত অসম কন্যা লাভলীনাই প্রতিপক্ষক প্রত্যাক্রমণৰ কোনো সুযোগ নিদি দুর্দান্ত জয় সাব্যস্ত কৰে৷

You might also like