নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তিৰ বতৰা লৈ আজি আইজললৈ যাব অসমৰ দুই মন্ত্রী

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ শেহতীয়াকৈ উত্তপ্ত হৈ পৰা অসম–মিজোৰাম সীমা বিবাদ কেন্দ্রীয় চৰকাৰৰ হস্তক্ষেপত কিছু প্রশমিত হোৱাৰ পাছতেই আজি অসমৰ পৰা শান্তিৰ বতৰা লৈ আইজলত উপস্থিত হ’ব ৰাজ্য চৰকাৰৰ দুই মন্ত্রী অতুল বৰা আৰু অশোক সিংঘল৷ 

আজি পুৱাৰ ভাগতে মিজোৰামলৈ উৰা মাৰিব লগা দুয়োগৰাকী মন্ত্রীয়ে পাহাৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্রী জোৰামথাংগাৰ সৈতে এক সৌহার্দ্যপূর্ণ আলোচনাত মিলিত হ’ব৷

উল্লেখ্য যে যোৱা ২৬ জুলাইত মিজোৰামৰ আগ্রাসনৰ বিৰুদ্ধে কাছাৰ জিলাৰ লাইলাপুৰত থিয় হোৱা অসম আৰক্ষীৰ ওপৰত নির্বিচাৰে গুলীবর্ষণ কৰিছিল মিজো আৰক্ষীয়ে৷ এই গুলীচালনাত নিহত হৈছিল অসমৰ পাঁচজনকৈ আৰক্ষী জোৱান৷ এই ঘটনাক লৈ উত্তেজনাপূর্ণ হৈ উঠা সীমান্ত বিবাদক লৈ কেন্দ্রীয় চৰকাৰে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছিল৷

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ হস্তক্ষেপৰ পাছতেই মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে ফোনযোগে বার্তালাপ কৰি আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধান কৰাৰ বাবে ইচ্ছা প্রকাশ কৰে৷ জোৰামথাংগাৰ এনে আবেদনৰ প্রতি সঁহাৰি জনাই মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশত কাইলৈ সীমা সমস্যাক লৈ সৃষ্টি হোৱা বিবাদৰ অৱসান ঘটাবলৈ আইজলত উপস্থিত হ’ব মন্ত্রী অতুল বৰা আৰু অশোক সিংঘল৷

এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই টুইটযোগে উল্লেখ কৰিছে যে আজি মিজোৰামত হ’ব লগা বৈঠকত অতুল বৰা আৰু অশোক সিংঘলে অসমবাসীৰ হৈ শান্তিৰ বার্তা কঢ়িয়াই নিব৷ ইফালে কালিৰ বৈঠকক লৈ মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগায়ো টুইটযোগে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি উল্লেখ কৰিছে যে অসমৰ গুৰুত্বপূর্ণ পদক্ষেপে সীমা সমস্যাৰ সমাধান দিব৷ বৈঠকক লৈ অসম–মিজোৰাম উভয় ৰাজ্য আশাবাদী৷ এই বৈঠকে সীমা সমস্যা সমাধানৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷

স্মর্তব্য যে ২৬ জুলাইৰ উত্তেজনাপূর্ণ ঘটনাৰ পাছতেই মিজোৰামৰ ভাইৰেংটে আৰক্ষী থানাৰ পৰিদর্শক এইচ লালচাওইমাওৱায়ে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, আৰক্ষী মহাপৰিদর্শক অনুৰাগ আগৰৱালা, উপ–মহাপৰিদর্শক দেৱজ্যোতি মুখার্জী, কাছাৰৰ উপায়ুক্ত কীর্থি জল্লী, পূর্বৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকাৰ আদিকে কৰি কেইবাজনো বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল৷

অৱশ্যে মিজোৰামৰ মুখ্য সচিব লালনুনমাবিয়া চুংৱাগোই অসমৰ মুখ্যমন্ত্রীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত মুখ্যমন্ত্রী জোৰামথাংগাই অনুমোদন দিয়া নাছিল বুলি উল্লেখ কৰিছিল৷ এই সমগ্র ঘটনাৱলীৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে হোৱা বার্তালাপত দুয়োখন ৰাজ্যই উভয়ৰে বিৰুদ্ধে দাখিল কৰা গোচৰসমূহ প্রত্যাহাৰ কৰে৷ আজিৰ বৈঠক সন্দর্ভত মন্ত্রী অতুল বৰাই কয় যে এক সৌহার্দ্যপূর্ণ পৰিৱেশত আজি মিজোৰামৰ সৈতে সীমা সমস্যাক লৈ আলোচনাত বহা হ’ব৷ এয়া প্রাৰম্ভিক পদক্ষেপ৷ সকলোৱে আশা কৰে যাতে শান্তিপূর্ণভাৱে বিষয়টো সমাধান হয়৷

You might also like