নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰকন ইণ্টাৰনেচনেলত ১০০ পদ খালী

২১ জানুৱাৰীত ভিতৰত আবেদন আহ্বান

ৰে’লৱে মন্ত্রালয়ৰ অধীনস্থ ৰে’লপথ, ঘাইপথ, অট্টালিকা, শক্তি খণ্ডৰ অন্তঃগাঁথনি সম্পর্কীয় কামৰ ক্ষেত্রত অগ্রণী ভূমিকা পালন কৰা ইৰকন ইণ্টাৰনেচনেল লিমিটেডত মুকলি হৈছে নিযুক্তিৰ সুযোগ৷ বিভাগীয় কর্তৃপক্ষই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি খালী পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে– ৱর্কছ ইঞ্জিনীয়াৰ–চিভিল (৪৮), জি’লজিষ্ট (৪), ছিনিয়ৰ ৱর্কছ ইঞ্জিনীয়াৰ–চিভিল (১৯), ছাইট ছুপাৰভাইজৰ–চিভিল (১), ছিনিয়ৰ ছাইট ছুপাৰভাইজৰ–চিভিল (২১), ছিনিয়ৰ ৱর্কছ ইঞ্জিনীয়াৰ–ইলেক্ট্রিক (১), ছাইট ছুপাৰভাইজাৰ–ইলেক্ট্র্ (২) আৰু ছিনিয়ৰ ছাইট ছুপাৰভাইজৰ–ইলেক্ট্র্ (৪)৷ প্রার্থী চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্রী/ডিপ্ল’মা/গ্রেজুৱেট আৰু সংশ্লিষ্ট খণ্ডত কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স ৩০–৩৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ উল্লিখিত বিভাগ অনুযায়ী দৰমহাৰ নিৰিখ ৩১,০০০ টকা, ৩১,০০০ টকা, ৩৫,০০০ টকা, ২২,০০০ টকা, ২৫,০০০ টকা, ৩৫,০০০ টকা, ২২,০০০ টকা আৰু ২৫,০০০ টকা৷ আগ্রহীসকলে নিযুক্তি সম্পর্কীয় বিশদ তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইট লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২১ জানুৱাৰী, ২০২০৷

You might also like