নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ চীন সাগৰলৈ যুদ্ধ জাহাজ প্রেৰণ ভাৰতৰ

নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ দক্ষিণ পূব এছিয়াত চীনৰ আগ্রাসী ভূমিকাক প্রত্যাহ্বান জনাবলৈ দক্ষিণ চীন সাগৰলৈ যুদ্ধ জাহাজ প্রেৰণ কৰিছে ভাৰতে৷ বন্ধু দেশসমূহৰ সৈতে নিৰাপত্তা সম্পর্ক অধিক উন্নীত কৰাৰ লক্ষ্যৰে নতুন দিল্লীয়ে এই পদক্ষেপ গ্রহণ কৰিছে৷ ভাৰতীয় নৌ বাহিনীয়ে বিবৃতিযোগে প্রকাশ কৰা মতে চাৰিখন যুদ্ধ জাহাজ দক্ষিণ চীন সাগৰত দুমাহৰ ভিতৰত মোতায়েন কৰা হ’ব৷ এই যুদ্ধ জাহাজত ক্ষেপণাস্ত্র ধ্বংস কৰিব পৰা ক্ষমতা উপলব্ধ হৈ আছে৷

মন কৰিবলগীয়া যে দক্ষিণ পূব এছিয়া, দক্ষিণ চীন সাগৰ আৰু পশ্চিম প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ দপদপনি বৃদ্ধি কৰাৰ লক্ষ্য লোৱাৰ পিছতে ভাৰতে অঞ্চলটোত চীনক প্রত্যাহ্বান জনাবলৈ এই পদক্ষেপ গ্রহণ কৰিছে৷ তাৎপর্যপূর্ণ যে চীন আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ মাজৰ সম্পর্ক অধিক তিক্ত হৈ উঠাৰ এক কাৰণ দক্ষিণ চীন সাগৰ৷ চীনে এই সাগৰীয় অঞ্চলটো নিজৰ বুলি দাবী কৰি থকাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্রই চীনৰ দাবীক খণ্ডন কৰি আহিছে৷

You might also like