নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত দেশৰ মুঠ ১,৩৮০জন আৰক্ষী বিষয়া–জোৱানলৈ আগবঢ়োৱা হৈছে বিভিন্ন পদক৷ শনিবাৰে এই বিষয়ে কেন্দ্রীয় গৃহ মন্ত্রালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা অনুসৰি ইয়াৰে দুজনে সাহসিকতাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক, ৬২৮জনে সাহসিকতাৰ বাবে আৰক্ষীৰ পদক, ৮৮জনে বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক আৰু ৬৬২জনে উৎকৃষ্টতাৰ বাবে লাভ কৰিছে আৰক্ষীৰ পদক৷
অসম আৰক্ষীৰ চাৰিজন বিষয়া–জোৱানে সাহসিকতাৰ বাবে আৰক্ষীৰ পদকপ্রাপ্তৰ তালিকাত অন্তর্ভুক্ত হৈছে৷ তেওঁলোক হ’ল– অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাউ ডৌংগেল, প্রকাশ সোণোৱাল, উপ–আৰক্ষী পৰিদর্শক প্রয়াত ভাস্কৰ কলিতা আৰু কনিষ্টবল দীপক বৰা৷ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্রপতিৰ আৰক্ষী পদক লাভ কৰিছে গুৱাহাটীৰ তদানীন্তন আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তাই৷
সেইদৰে উৎকৃষ্ট সেৱাৰ বাবে আৰক্ষীৰ পদকপ্রাপ্তৰ তালিকাভুক্ত হোৱা অসম আৰক্ষীৰ বিষয়া–জোৱানসকল হ’ল– আৰক্ষী অধীক্ষক (যোগাযোগ) বীৰেন্দ্র মেধি, অভয়াপুৰীস্থিত অষ্টম আৰক্ষী বাহিনীৰ অধিনায়ক অজগৱাৰণ বসুমতাৰী, চি আই ডিৰ উপ–আৰক্ষী অধীক্ষক জগদীশ কুমাৰ সিন্হা, সীমান্ত শাখাৰ পৰিদর্শক ৰঞ্জিত ৰাজখোৱা, চি আই ডিৰ পৰিদর্শক বদৰুল ইছলাম, যোগেন্দ্র বর্মন, কাছাৰ জিলাৰ পৰিদর্শক ধ্রুৱজ্যোতি দাস, চিলনীস্থিত ২৩নং অসম আৰক্ষী (আই আৰ) বেটেলিয়নৰ হেড কনিষ্টবল বালাকৃষ্ণ থাপা, দিলীপ বৰুৱা, দীপেন দাস, নবীন বৰগোহাঁই, কাছাৰ জিলাৰ কনিষ্টবল সৰাদিন্দু দেৱৰয় আৰু মহিলা কনিষ্টবল শর্মিলা সিং৷
ইফালে, গৃহ মন্ত্রালয়ত কর্মৰত গুৱাহাটীৰ হেঙেৰাবাৰীৰ প্রাগজ্যোতি ভৱনৰ সহকাৰী সঞ্চালক গুণজিৎ মেধিয়েও উৎকৃষ্ট সেৱাৰ বাবে আৰক্ষী পদক লাভ কৰিছে৷ তদুপৰি সংশোধনী সেৱাৰ বাবে উৎকৃষ্ট সেৱাৰ পদক লাভ কৰা অসমৰ কাৰাগাৰত কর্মৰত একমাত্র বিষয়াজন হ’ল গোবিন্দ মালাকাৰ৷ মালাকাৰে সম্প্রতি কাৰাধীক্ষক পদত কার্যনির্বাহ কৰি আছে৷ উৎকৃষ্ট সেৱাৰ বাবে গৃহৰক্ষী আৰু অসামৰিক প্রতিৰক্ষাৰ পদক লাভ কৰিছে অসমৰ চাৰিজনকৈ বিষয়া–কর্মচাৰীয়ে৷
তেওঁলোক হ’ল– গৃহৰক্ষী বাহিনীৰ ছুবেদাৰ মোহিনী মোহন শর্মা, প্লাটুন কমাণ্ডাৰ গণেশ ডেকা, হাবিলদাৰ হৰেশ্বৰ বৰগোহাঁই আৰু কনিষ্টবল অসীম কুমাৰ কৰ৷ এই দিনটোতে অগ্নিসেৱাৰ বিভিন্ন পদকসমূহো ঘোষণা কৰা হৈছে৷ এইবাৰ উৎকৃষ্ট সেৱাৰ বাবে অসমৰ তিনিজনে অগ্নিসেৱা পদক লাভ কৰিছে৷ তেওঁলোক হৈছে ছাব অফিচাৰ কুমুদ চন্দ্র গগৈ, তপন কুমাৰ দাস আৰু লিডিং ফায়াৰমেন যতীন চন্দ্র সাউদ৷