নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কার্বি আংলঙত ইউপিআৰএফৰ ২৭ নেতা–কেডাৰৰ অস্ত্রসহ আত্মসমর্পণ

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ স্বাধীনতা দিৱসৰ প্রাক্ক্ষণত সশস্ত্র পন্থা পৰিহাৰ কৰি উগ্রপন্থী সংগঠনৰ সদস্যসকল মুকলি আকাশৰ তললৈ আহিল কার্বি পাহাৰত৷ পাহাৰীয়া জিলাখনত যোৱা সময়ছোৱাত একাধিক কূটাঘাতমূলক ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে কার্বি আংলং জিলা আৰক্ষীয়ে প্রত্যুত্তৰ দিবলৈ সক্ষম হৈছিল৷

অৱশ্যে প্রায়কেইটা উগ্রপন্থী সংগঠনৰ সদস্যই চৰকাৰৰ আহ্বানৰ প্রতি লক্ষ্য ৰাখি শান্তিৰ আলোচনাত বহিবলৈ সাজু হৈছে৷ কার্বি আংলঙৰ ভিন্ন প্রান্তত হত্যা–হিংসা–পহৰণ্ সন্ত্রাস সৃষ্টি কৰি অহা কুকী উগ্রপন্থী সংগঠন ইউনাইটেড পিপলছ ৰিভলিউচনেৰী ফ্রণ্ট চমুকৈ ইউ পি আৰ এফৰ ২৭জন দুর্ধর্ষ কেডাৰে সশস্ত্র পথ ত্যাগ কৰি কার্বি আংলং জিলা আৰক্ষী প্রশাসনৰ ওচৰত আত্মসমর্পণ কৰে৷

কালি পাহাৰীয়া জিলাখনৰ ডিলাই আৰক্ষী থানাৰ অন্তর্গত ছাইজাঙত অসম আৰক্ষীৰ মধ্য মণ্ডলৰ ডি আই জি সত্যৰাজ হাজৰিকা আৰু কার্বি আংলং জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ উপস্থিতিত আনুষ্ঠানিকভাৱে কুকী উগ্রপন্থী সংগঠনৰ বৃহৎসংখ্যক কেডাৰে আত্মসমর্পণ কৰাটো কার্বি আংলং আৰক্ষীৰ বাবে বৃহৎ সাফল্য আৰু পাহাৰীয়া জিলাখনৰ বাবে ইতিবাচক বুলি চিহ্ণিত হৈছে৷ কুকী উগ্রপন্থী সংগঠনটোৰ কেডাৰসকলে আত্মসমর্পণৰ সময়ত আৰক্ষী প্রশাসনৰ ওচৰত ১৭টা মাৰণাস্ত্র জমা দিয়ে৷

ইয়াত আছে চাৰিটা অত্যাধুনিক ৰাইফল, পাঁচটা পিষ্টল আৰু অন্যান্য নথি–পত্র৷ স্বাধীনতা দিৱসৰ এটা দিন পূর্বে কুকী উগ্রপন্থী সংগঠন ইউ পি আৰ এফৰ ২৭জন সশস্ত্র দুর্ধর্ষ কেডাৰে আৰক্ষী প্রশাসনৰ ওচৰত অস্ত্রসহ আত্মসমর্পণ কৰাত বিশেষ তাৎপর্য বহন কৰিছে৷

You might also like