এনপিপি অসমৰ স্বাধীনতা দিৱস পালন
নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ আজি সমগ্ৰ দেশৰ লগতে NPP অসমেও হাতীগাঁওস্থিত ৰাজ্যিক মূখ্য কাৰ্য্যালয়ত কভিড নিয়ম নীতি মাজেৰে অনুষ্টুপিয়াকৈ ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰে ৷ সদস্য সকলৰ উপস্থিতিত প্ৰচাৰ সম্পাদক ৰাজপ্ৰসাদ শ্ইকীয়াই আঁতধৰা অনুস্থানটোত ৰাজ্যিক তত্বাবধায়ক তথা উপসভাপতি বিশ্বজিৎ বৰুৱাই পতাকা উত্তোলন কৰে ৷
উক্ত অনুস্থানটোতেই তত্বাবধায়ক বৰুৱাই স্বাধীনতাৰ দিৱসৰ প্ৰাকক্ষণত দলৰ সকলো শুভাকাংশীৰ লগতে দেশৰ জনতাক উদ্যেশী কোৱা মন্তব্যত 1947 চনৰ 15 আগষ্টত জেনেকৈ বৃটিছৰপৰা দেশ স্বাধীন হল তেনেকৈ অনাগত দিনত দেশৰ জনতাই দুৰ্নীতিমুক্ত,মূল্যবৃদ্ধিবিহীন সুৰক্ষিত উন্নয়ণমুখী এখন সমৃদ্ধিশালী অসমৰ বাবে এখন শান্তিপ্ৰিয় অসমৰ বাবে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনাই ৷