নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰলৈ স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি কি ক’লে মুখ্যমন্ত্ৰী ড০ শৰ্মাই

নিয়মীয়া বাৰ্তা ১৫ আগষ্টঃ  দেশৰ লগতে অসমতো আজি উদযাপিত হৈছে ৭৫সংখ্যক স্বাধীনতা দিৱস৷ আজি গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ইপিনে পতাকা উত্তোলনৰ পাছতেই মুখ্যমন্ত্রীয়ে অসম আৰক্ষী, অর্ধসামৰিক বাহিনীৰ অভিবাদন গ্রহণ কৰে৷

এই অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “আজি ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসৰ ৭৫ বছৰৰ অমৃত মহোৎসৱ আমি পালন কৰিছো। এই শুভক্ষণত মই স্বাধীনতা সংগ্ৰামীসকললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছো। আমি #AzadiKaAmritMahotsav উদযাপন কৰাৰ সময়ত, মই অসমক মানৱ সৰবৰাহ, ড্ৰাগছ আৰু গৰুৰ চোৰাং ব্যৱসায়ৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত দিয়া প্ৰতিশ্ৰুতিক পুনৰাবৃত্তি কৰিব বিচাৰো। আমি অসমক এই সামাজিক ব্যাধিৰ পৰা মুক্ত কৰিবলৈ নিৰন্তৰ কাম কৰি যাম। আজিৰ এই অনুষ্ঠানৰ পৰাই মই আলফাৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱা আৰু অসমৰ উগ্ৰপন্থী গোটসমূহক মূলসুঁতিলৈ আহি আলোচনা প্ৰক্ৰিয়াত যোগদান কৰিবলৈ অনুৰোধ জনাইছো। লগতে আন্তঃৰাজ্যিক সীমা সুৰক্ষিত কৰি প্ৰাণ দিয়া অসম আৰক্ষীৰ ৬ জন বীৰ জোৱানলৈ মোৰ শ্ৰদ্ধা জনাইছো। অসমে ইয়াৰ সকলো চুবুৰীয়া ৰাজ্যৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ সদায়ে প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ প্ৰত্যেকজনৰ বাবে এই #AzadiKaAmritMahotsav অধিক অৰ্থপূৰ্ণ হ’ব, যদিহে আমি আমাৰ চাৰিওফালৰ সকলো কাৰ্যালয়, বিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য চৌহদত  ৭৫ টাকৈ গছপুলি ৰোপণ কৰাৰ সংকল্প লওঁ। প্ৰকৃতিক সমৃদ্ধ কৰিবলৈ আমি আমাৰ কাম কৰোঁ আহক। ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশত আৰু তেখেতৰ প্ৰেৰণাত প্ৰতিগৰাকী লোককে ভেকচিন দিয়াৰ কাম দ্ৰুত গতিৰে আগবাঢ়িছে। আৰু মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰায় ডেৰ কোটি ড’জ ভেকচিন আমি দিবলৈ সক্ষম হ’ম।”

You might also like