নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগ্ছবিৰোধী অভিযান

বিজেপি মিত্রজোঁটৰ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ইতিমধ্যে এশ দিন অতিক্রম কৰিছে৷ এই এশ দিনত চৰকাৰৰ কাম–কাজ পর্যালোচনা কৰিবলৈ হ’লে প্রথমে আমি উল্লেখ কৰিব লাগিব চৰকাৰে গ্রহণ কৰা ড্রাগ্ছবিৰোধী কঠোৰ অভিযানৰ৷ ৰাজ্য চৰকাৰখনে দায়িত্ব বহন কৰা প্রথমটো দিনৰ পৰাই ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে৷ ড্রাগ্ছ ৰাজ্যখনৰ সমাজ জীৱনৰ এক ভয়াৱহ ব্যাধি হিচাপে চিহ্ণিত হৈ আহিছে৷ বিগত দশক দশক ধৰি ড্রাগ্ছে অসমৰ সমাজ জীৱনত যুৱ প্রজন্মটোক পংগু কৰি আহিছে৷ ড্রাগ্ছৰ কৱলত পৰা পৰিয়ালসমূহে ইয়াৰ ভয়াৱহতা উপলব্ধি কৰিব পাৰে৷ ড্রাগ্ছৰ বাবেই একো একোটা পৰিয়াল কিদৰে ধ্বংসৰ গৰাহলৈ গৈছে সেয়া ভুক্তভোগীসকলৰহে বোধগম্য৷ ড্রাগ্ছৰ বাবেই অসমৰ নৱ প্রজন্মৰ এটা বৃহৎ অংশ বিপথে পৰিচালিত হোৱাই নহয়, তিল তিলকৈ ধ্বংসৰ ফালে আগুৱাই গৈ আছে৷ এনে এক সামাজিক সমস্যাক পূর্বৰ চৰকাৰসমূহে গুৰুত্ব নিদিয়াৰ ফলতেই ইয়াৰ ভয়াৱহতা বৃদ্ধি পাই আহিছে৷ এই প্রেক্ষাপটত বর্তমানৰ চৰকাৰখনৰ ড্রাগ্ছবিৰোধী অভিযান গতিকে ইতিবাচক পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে ড্রাগ্ছৰ যি চোৰাং সৰবৰাহ এই সৰবৰাহৰ সৈতে জড়িত হৈ আছে এটা বৃহৎ চক্র৷ এই চক্রটোৰ সৈতে চৰকাৰ, প্রশাসন, আৰক্ষীৰো যোগাযোগ সর্বজনবিদিত৷ প্রশাসন আৰু আৰক্ষীৰ পৃষ্ঠপোষকতা অবিহনে এনে চোৰাং ব্যৱসায় কোনো কাৰণতে সৰবৰাহ হ’ব নোৱাৰে৷ ইতিমধ্যে বিভিন্ন অভিযানত যি পৰিমাণৰ ড্রাগ্ছ জব্দ হৈছে তাৰ পৰাই অনুমেয় এই চোৰাং ব্যৱসায়ৰ সৈতে কিমান বৃহৎ পৰিমাণৰ ধনৰ লেনদেন হৈ আছে৷ চোৰাংভাৱে লেনদেন হোৱা এই ধনৰ কাৰবাৰত প্রশাসন বা আৰক্ষীৰ পৃষ্ঠপোষকতা নহ’লে সম্ভৱ কেতিয়াও হ’ব নোৱাৰে৷ সেইবাবেই বিগত সময়ত কোনো চৰকাৰেই ড্রাগ্ছৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰা নাছিল৷ শেহতীয়াকৈ বিজেপি মিত্রজোঁটৰ চৰকাৰখনে ড্রাগ্ছৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানক ৰাজ্যৰ সকলোপক্ষৰ নাগৰিকে আদৰণি জনাইছে৷
এটা কথা স্পষ্ট যে ড্রাগ্ছৰ এই চোৰাং ব্যৱসায়ৰ সৈতে এটা বৃহৎ আন্তর্জাতিক চক্র জড়িত হৈ আছে৷ চুবুৰীয়া ৰাষ্ট্র চীন, ম্যানমাৰ, বাংলাদেশ আদি পর্যন্ত প্রসাৰিত হৈ আছে এই চক্রটোৰ হাতোৰা৷ ম্যানমাৰৰ পৰা য়াবা নামৰ যি টেবলেট ড্রাগ্ছ হিচাপে অসমৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ হৈ আছে, এই ব্যৱসায়ৰ সৈতে জড়িত আছে ম্যানমাৰৰ এটা বৃহৎ চক্র৷ তদুপৰি ড্রাগ্ছ হিচাপে অসমত ব্যৱহূত বহু ঔষধৰ নির্মাতা হৈছে চুবুৰীয়া ৰাষ্ট্র চীন৷ একমাত্র ড্রাগ্ছ ৰূপে ব্যৱহাৰৰ বাবেই এই ঔষধ টেবলেটসমূহ নির্মাণ হৈ আছে৷ বর্তমান বাংলাদেশৰ এটা বৃহৎ প্রজন্ম ড্রাগ্ছৰ কৱলত৷ ড্রাগ্ছ আসক্ত যুৱ প্রজন্ম এতিয়া বাংলাদেশৰ বাবে বৃহৎ সামাজিক সমস্যা৷ চুবুৰীয়া ৰাষ্ট্রখনৰ সামাজিক ব্যৱস্থাত মাদক দ্রব্যৰ নিষিদ্ধতাই ড্রাগ্ছৰ চাহিদা বৃদ্ধি কৰিছে৷ ম্যানমাৰ, চীন আদি ৰাষ্ট্রৰ পৰা সৰবৰাহ হোৱা ড্রাগ্ছৰ অন্যতম ক্রেতা হৈছে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশ আৰু বাংলাদেশলৈ সৰবৰাহ হোৱা এই ড্রাগ্ছৰ সুৰক্ষিত কৰিড’ৰ হিচাপে বিবেচিত হৈ আহিছে অসম৷ সেইবাবেই অসমৰ কৰিমগঞ্জ আৰু ধুবুৰী জিলা অন্যতম ড্রাগ্ছ সৰবৰাহৰ ঘাটি ৰূপে পৰিগণিত হৈছে৷ ম্যানমাৰৰ পৰা নাগালেণ্ড আৰু মিজোৰাম হৈ অহা ড্রাগ্ছ ধুবুৰী, কৰিমগঞ্জ হৈ বাংলাদেশলৈ নিয়মিত ৰূপত সৰবৰাহ হৈ আছে৷ ড্রাগ্ছৰ এই চোৰাং সৰবৰাহৰ পথটো নতুন চৰকাৰে বন্ধ কৰাৰ পিছতেই এতিয়া ড্রাগ্ছৰ অন্ধকাৰ সাম্রাজ্যখনত হাহাকাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে অসম চৰকাৰৰ ড্রাগ্ছবিৰোধী অভিযানে এই চোৰাং সৰবৰাহৰ ঘাটিসমূহ উচ্ছেদ কৰাই নহয়, বহিঃৰাষ্ট্রলৈ হোৱা সৰবৰাহো বন্ধ কৰিছে৷ যিটো ৰাজ্যখনৰ বাবে ইতিবাচক হিচাপে বিবেচিত হৈছে৷ অসম ড্রাগ্ছ সৰবৰাহৰ একমাত্র সুৰক্ষিত কৰিড’ৰেই নহয়, ৰাজ্যখনো ড্রাগ্ছ ব্যৱহাৰৰ অন্যতম ঘাটিত পৰিণত হৈছে৷ ফলস্বৰূপে ৰাজ্যখনৰ লাখ লাখ যুৱক এই ভয়াৱহ ড্রাগ্ছৰ কৱলত পৰিছে৷ আনকি গুৱাহাটী মহানগৰীৰ সম্ভ্রান্ত নিশাৰ পার্টীতো ড্রাগ্ছ ব্যৱহাৰৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ অভিযানৰ পিছত৷ একমাত্র পুৰুষেই নহয়, সম্ভ্রান্ত ঘৰৰ বোৱাৰীও যে এতিয়া ড্রাগ্ছ আসক্ত সেয়া প্রমাণিত হৈ পৰিছে৷ এনে প্রেক্ষাপটত অসম চৰকাৰৰ ড্রাগ্ছবিৰোধী অভিযানে এতিয়া এক নতুন পোহৰৰ আগজাননী দিয়াই নহয়, এটা প্রজন্মক এই মহাব্যাধিৰ পৰা মুক্ত কৰাৰ পথো মুকলি কৰিছে৷

You might also like