নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত নিশা গোপন বৈঠক ভূপেন বৰা–অখিল গগৈৰ

নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট: অসম বিধানসভাৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে তৎপৰতা৷ এনে তৎপৰতাৰ অংশৰূপে যোৱানিশা শিৱসাগৰ নগৰৰ শিৱা পেলেচ হোটেলত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাজত এক গোপন বৈঠক অনুষ্ঠিত হয়৷

এই বৈঠক সন্দর্ভত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰাই বিশেষ কোনো তথ্য সদৰী কৰা নাই যদিও ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই বৈঠক সন্দর্ভত নিজৰ স্থিতি প্রকাশ কৰিছে৷ ভূপেন বৰাই এই বৈঠক পাৰস্পৰিক চিনাকি সূত্রে অখিল গগৈৰ লগত এক নিয়মমাফিক বৈঠক বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰাৰ লগতে বিভিন্ন ৰাজনৈতিক ইছ্যু সন্দর্ভত কেতবোৰ সহমতসম্পন্ন বিষয় আলোচনা হয় বুলি উল্লেখ কৰে৷

আনহাতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি কংগ্রেছ দল আৰু ৰাইজৰ দলৰ মাজত মিত্রতা সন্দর্ভত আলোচনা হোৱা বুলি স্পষ্ট কৰে৷

বিধায়কগৰাকীয়ে কয় যে অসম বিধানসভাৰ পাঁচ সমষ্টি ক্রমে তামুলপুৰ, গোসাঁইগাঁও, মাজুলী, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি শাসনাধিষ্ঠিত বিজেপিক প্রতিৰোধ কৰিবৰ বাবে কংগ্রেছ দলৰ সৈতে আন আন আঞ্চলিক শক্তিৰ বুজাবুজি অত্যন্ত জৰুৰী৷ সেই সূত্রে কংগ্রেছ দলৰ সভাপতিগৰাকীৰ সৈতে আসন বুজাবুজিৰ বাবে কালি শিৱসাগৰত অনুষ্ঠিত বৈঠকত দুয়োগৰাকী নেতাই আলোচনাত মিলিত হয়৷ অৱশ্যে উক্ত আসন বুজাবুজিৰ সন্দর্ভত কালিৰ আলোচনাত কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই যদিও পাঁচ সমষ্টিৰ ভিতৰত এটা সমষ্টি ৰাইজৰ দলে বিচাৰিছে৷ যিহেতু মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ ভিত্তি আছে আৰু নির্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে, তেনেস্থলত ৰাইজৰ দলে কংগ্রেছ দলৰ সৈতে এটা সমষ্টি বিচাৰি আগন্তুক উপ–নির্বাচনত বুজাবুজিৰে অৱতীর্ণ হ’ব বিচাৰিছে৷

অৱশ্যে কংগ্রেছ দলে সকলো সমষ্টিতে নিজ দলৰ প্রাথ্ প্রক্ষেপ কৰাৰ পক্ষত আছে বুলি অখিল গগৈয়ে উল্লেখ কৰি কয় যে যদি কংগ্রেছ দলে আগন্তুক নির্বাচনত অসমৰ আন আঞ্চলিক দলৰ সৈতে মিত্রতা নকৰে, তেন্তে আটাইকেইটা সমষ্টি বিজেপিক গতাই দিয়া হ’ব৷ যিহেতু উপ–নির্বাচনসমূহ শাসকীয় দলৰ দপ্দপনি থাকে, তেনেস্থলত কংগ্রেছ দলে নির্বাচনত অৱতীর্ণ হ’ব লাগে বুলিয়েই সকলোকেইটা সমষ্টিত দলীয় প্রাৰ্থী প্রক্ষেপ কৰাৰ চিন্তা কৰিব পাৰে বুলি ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ অখিল গগৈয়ে কয় যে কংগ্রেছ দলৰ সভাপতিগৰাকীৰ সৈতে হোৱা কালিৰ সাক্ষাৎ কেৱল আৰম্ভণিহে৷ পৰৱৰ্তী সময়ত দুয়োটা দলে আগন্তুক উপ–নির্বাচন সন্দর্ভত মিত্রতাৰ স্বার্থত আলোচনা চলাই যাব৷

You might also like